ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত সৰব প্ৰতিবাদ গোলাঘাট মিডিয়া ফ’ৰামৰ

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট,১১ জুনঃ গোলাঘাটত আজি গোলাঘাট মিডিয়া ফ’ৰামৰ উদ্যেগত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ বিভিন্ন দল-সংগঠনে। জিলাখনৰ বিশটাতকৈও অধিক সংগঠনে আজি গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত সমবেত হৈ ড্ৰাগছৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে যোৱা ৯ জুনত সঞ্জীৱ গোস্বামী নামৰ এগৰাকী বাইশ বছৰীয়া যুবকক জজৌ ওৰফে মৃণাল গগৈ নামৰ ড্ৰাগছ ব্যৱসায়ীজনে তেওঁৰ নিজৰ ঘৰতে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল-সংগঠনসমূহ জাঙুৰ খাই উঠে। আজি গোলাঘাট ফ’ৰামৰ আহ্বানক্ৰমে সকলো দল-সংগঠন তথা ৰাইজ ওলাই আহি একেমুখে ড্ৰাগছৰ আৰক্ষীৰ নিষ্ক্ৰীয়তাক গৰিহণা দিয়াৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী তোলে। বিশেষকৈ ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা তিনিমাহৰ পিছত যাতে পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰা পোষকতা কৰে৷ ইয়াৰোপৰি সঞ্জীৱৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত মৃত সঞ্জীৱৰ মাতৃ ৰুণু গোস্বামীৰ লগতে গোলাঘাট ফ’ৰামৰ সভাপতি দ্বীপেন দত্ত, কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, উপ-সভাপতি জয়দ্বীপ গুপ্তা, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগাঠনিক সম্পাদক ৰাজু ফুকনকে ধৰি জিলাখনৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে। ইফালে ড্ৰাগছৰ বিৰুদ্ধে আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here