হোজাই জিলাত ধন দিবলৈ ভাবুকিঃ যুৱ ব্যবসায়ীক ধন দাবী ডবকাত ফোন যোগে ভাবুকি

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাইৰ পৰা ভূপেন্দৰ সিং বাবু, ১১জুনঃ হোজাই জিলাৰ ডবকাত NACM (R) নামৰ এক অখ্যাত সংগঠনৰ নামত এগৰাকী ব্যৱসায়ীক ধন দাবী কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰে ! দহ (১০) দিনৰ ভিতৰত আজি পোহৰলৈ অহা ঘটনাক লৈ সমগ্ৰ জিলাখনত এক আতংকৰ পৰিবেশ বিৰাজ কৰিছে উক্ত সংগঠনে একে ৪৭ আৰু থ্ৰী নট থ্ৰী বন্দুকৰ সক্ৰিয় গুলি দুটা এখন খামত ভৰাই ছয় লাখ টকা দাবী কৰে ! জনৈক বিটোপন কলিতাৰ নামত নিজ ডবকা গাঁৱৰ হিলাল উদ্দিন বৰভূঞা নামৰ জনৰ পৰা এই ধন দাবী কৰা হয়। এই ঘটনা যোৱা ৩১ মে’ৰ নিশা দহ (১০) মান বজাত সংঘটিত হয় বুলি সংবাদ মাধ্যমক অৱগত কৰে।
৭০৮৫৪৪১৭০৩ নাম্বৰৰ পৰা ফোন কৰি সীঘ্ৰে টকা আদায় নিদিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে আৰু একমাত্ৰ পুত্ৰকো অপহৰণ কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। পিছত ব্যৱসায়জনে ডবকা আৰক্ষীৰ সহায় বিচাৰে, আৰক্ষীয়ে দাবীপত্ৰ ,গুলি জব্দ কৰে আৰু এজাহাৰৰ ভিত্তিত ১৭১/১৯ নম্বৰ গোচৰ ৰুজু কৰে! বৰ্তমান পৰিয়ালটো জীৱনৰ নিৰাপত্তাহীনতাত ভূগী আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here