দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ সাহায্য

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ, ১২ জুন তেজপুৰ- ডেকাৰগাঁওস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰ(www.gimt-tezpur.ac.in)ত শিক্ষা গ্ৰহণৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তিনিওটা বিভাগতে এখনকৈ আসন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত ৰখা হ’ব। সেই আঁচনিৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলে মুঠ শিক্ষা খৰছৰ ৫০% ৰেহাইত শিক্ষাগ্ৰহণ কৰিব পাৰিব। ঠিক একেদৰে, NCC C চাৰ্টিফিকেট প্ৰাপ্ত শিক্ষাৰ্থী তথা ক্ৰীড়া ক্ষেত্ৰত ৰাজ্যিক ভিত্তিত প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও তিনিওটা বিভাগতে এখনকৈ আসনত শিক্ষা খৰছৰ ৫০% ৰেহাই প্ৰদান কৰা হ’ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিছে । উল্লেখযোগ্য, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন PPP (Public Private Partnership) আৰ্হিত স্থাপিত শিক্ষানুষ্ঠানখনৰ ২০ শতাংশ চৰকাৰীভাৱে সংৰক্ষিত আসনৰ নামভৰ্ত্তি গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত হোৱা কাউন্সিলিং প্ৰক্ৰিয়াৰ যোগেদি কৰা হৈছে। বাকী ৮০ শতাংশ আসনৰ নামভৰ্ত্তি কলেজ প্ৰাংগনত কৰা হ’ব। বিতং তথ্যৰ বিষয়ে জানিবলৈ আগ্ৰহী শিক্ষাৰ্থী, অভিভাৱকসকলে ৮৮১২০২৮৮২২ বা ৯৩৬৫৪০৪৫১৩ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here