এটা কণীৰ বাবে এগৰাকী মহিলাক কেৰাচিন ঢালি জ্বলাই হত্যাঃহত্যাকাৰী দুগৰাকী মহিলা সহ তিনিজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু জৰিমনা

প্ৰাগজ্যোিতষ বাৰ্তা,হোজাইৰ পৰা ভূপেন্দৰ সিং বাবু,১২ জুনঃ সভ্য সমাজক লজ্জানত কৰা এটা কাহিনী। সামান্য এটা কণীৰ বাবে এগৰাকী মহিলাক হত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল হোজাইত ।ঘটনাটো সংঘটিত হৈছিল হোজাই থানাৰ অন্তৰ্গত ৰাধানগৰ গাঁৱত ।

যোৱা ২০১৪ চনৰ ১৮ আগষ্টত প্ৰতিবেশীৰ এটি কুকুৰাই পিয়ুষ পণ্ডিত নামৰ লোকজনৰ বাৰীত পাৰিছিল এটা কণী।সেই কণী আন এজনে চুৰি কৰি নিয়াৰ সময়ত পিয়ুষ পণ্ডিতৰ পত্নী ৰুবি পণ্ডিতে কণী সহ এগৰাকী মহিলাক ধৰা পেলোৱাত এক কাজিয়াৰ সূত্ৰপাত ঘটে।সেই কাজিয়াৰ আলম লৈ শ্যামলী বিশ্বাস,মণি মজুমদাৰ আৰু মোহন বিশ্বাসে ঘৰত অইন কোনো নথকাৰ সুযোগত ৰুবি পণ্ডিতক কেৰাচিন ঢালি জ্বলাই হত্যা কৰি পুখুৰীত পেলাই দিয়ে।

পৰৱৰ্তী মৃত মহিলাগৰাকীৰ স্বামীয়ে তিনিজনক অভিযুক্ত কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩০২/৩৪ধাৰাৰ অধীনত ৪৫০/১৪নম্বৰত এক গোচৰ ৰুজু কৰে থানাত।সেইমতে আৰক্ষীয়ে তিনিওজনক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে হোজাইৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়।সেইমতে বিগত ৫ বছৰৰ অন্তত আদালতে বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰি তিনি হত্যাকাৰীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰতি গৰাকীক ২০ হাজাৰ টকাকৈ জৰিমনা বিহে।উল্লেখযোগ্য যে গোচৰটোৰ চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here