গোলাঘাটৰ এগৰাকী মহিলাক এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১২ জুনঃ গোলাঘাট চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাসিন্দা ডলী ৰয় নামৰ মহিলা গৰাকীক যোৰহাটৰ বিদেশী ন্যায়াধীকৰণ আদালতে এঘাৰ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ নিদ্দেৰ্শ দিয়ে৷ইয়াৰ পাছতে ১১ জুনৰ নিশা গোলাঘাট আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আজি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। স্বামী সঞ্জীত ৰয়ৰ পত্নী ডলীৰ মাতৃ গৃহ বৰপেটাৰ বহৰিত। উল্লেখ্য যে ডলী ৰয় D ভোটাৰ তালিকাত থকাৰ বাবে বিগত ২০০৮ চনৰ পৰা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল।বিগত তিনিটাকৈ তাৰিখত মহিলাগৰাকী আদালতত হাজিৰ হোৱা নাছিল ।তাৰ বাবেই বিদেশী ন্যায়াধীকৰণ আদালতে ১১ দিনৰ বাবে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে বুলি জনা গৈছে । মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে, শাৰিৰীক অসুস্থতাৰ বাবেই তেওঁ তিনিবাৰ কৈ আদালতত হাজিৰ হ’ব পৰা নাছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here