গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান  

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৩ জুনঃ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , গোলাঘাট মহকুমা আৰু গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ  সহযোগত গোলাঘাট এমচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত বুধবাৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলেই উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন  অনুষ্ঠানত জিলাখনৰ ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাখনৰ উদ্বোধন কৰে সন্মানীয় অতিথিৰূপে নিমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ  অনুদান আয়োগৰ মানব সম্পদ কেন্দ্ৰৰ সঞ্চালক ড০ যোগেন্দ্ৰ চন্দ্ৰ কলিতাই । উদ্বোধনী ভাষন প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে কয় যে আমাক সম্পদৰ প্ৰয়োজন আছে , কিন্তু সকলোতকৈ প্ৰয়োজনীয় হৈছে মানৱ সম্পদহে।এখন দেশ সুস্থিৰ ভাবে আগবাঢ়িবলৈ  হ’লে চিন্তাশীল ব্যক্তিৰ অতি প্ৰয়োজন বুলিও শিক্ষাবিদগৰাকীয়ে নিজৰ বক্তব্যত মন্তব্য প্ৰকাশ কৰে। অন্যহাতে অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্ৰাচাৰ্যই ভাষন প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক অসমৰ একোজন সু-নাগৰিক হ’বলৈ আহ্বান জনায়।
গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজৰ বাতিলকৰণৰ ক্ষেত্ৰক চৰকাৰৰ হস্তক্ষেপ দাবী কৰে ড০ ভট্টাচাৰ্যই৷গোলাঘাটত এখন মেডিকেল কলেজ, এখন কৃষি মহাবিদ্যালয় আৰু এখন স্কীল ডেভলেমেন্ট চেন্টাৰ স্থাপনৰ পোষকতা কৰে ছাত্ৰ নেতাগৰাকীয়ে৷ এই অনুষ্ঠানতেই আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে গুণোৎসৱৰ চিন্তা ভাল কিন্তু কাৰ্যকৰণ সঠিক নহয় বুলি নিজৰ বক্তব্যত মন্তব্য প্ৰকাশ কৰে৷ গতিকে মহাবিদ্যালয়সমুহ যিদৰে নাকে সমীক্ষা চলাই ঠিক তেনেদৰে বিদ্যালয়সমুহৰ বাবেও বিদ্যালয় মূল্যাংকন আয়োগ গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায় ড০ সমুজ্জ্বল ভটাচাৰ্যই  । ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা ড ; লাচিত বৰুৱাই পৰিচালনা কৰা অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা মনীষা বৰা, নিবেদিতা গগৈ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা উপাসা মুদৈ, অচ্যুৎ কুমাৰ চেতীয়াসহ জিলা খনৰ ৩১৬ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানত ৮০ গৰাকী মুৰব্বীক সম্বৰ্ধনা জনোৱা হয়৷ অনুস্থানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰন সম্পাদক দ্বীপেন দত্ত , বৰ্তমানৰ সহকাৰী সম্পাদক মনোৱাৰ হুচেইন , মুখ্য সাংগাঠনিক সম্পাদক ৰাজু ফুকন, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মৃদুল শইকীয়া , অভিবৰ্ত্তন গোস্বামী আদিৰ উপৰিও বিভিন্ন শিক্ষানুস্থানৰ মুৰব্বীসকল উপস্থিত আছিল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here