প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৩ জুনঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তই ব্যৱসায়ীক ধন দাবী কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ ঘটনাই সীমান্ত বাসীক আতংকিত কৰি তুলিছে| প্ৰাপ্ত বাতৰি মতে,মঙ্গলবাৰে দিনৰ ভাগত দুটামান নগা দুৰ্বৃত্তই চুঙাজান এম ভি চাৰি আলিৰ ব্যৱসায়ী সকলৰ পৰা দাবী কৰা ধন নিবলৈ আহোতে স্হানীয় ৰাইজে নগা দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোতেই দুৰ্বৃত্ত কেইটাই পলায়ন কৰে আৰু কিছু দূৰ যোৱাৰ পাছতেই এটা পিষ্টল উলিয়াই ৰাইজক ভাবুকি দি আঁতৰি যায় |
উল্লেখ্য যে, নগা দুৰ্বৃত্তই সেই অঞ্চললৈ সোমবাৰেও আহি এজন যুৱ ব্যৱসায়ীক ধন নিদিয়াৰ বাবে প্ৰহাৰ কৰিছিল | তদুপৰি উক্ত অঞ্চলৰ ব্যৱসায়ীসকলক নগা দুৰ্বৃত্তই নিয়মিত ভাৱে ধন দাবী কৰি আহিছে যদিও নিৰাপত্তা দিয়াত চিআৰপিএফ আৰু ধনশিৰি মহকুমা প্ৰশাসন ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে| অসম আৰু নগালেণ্ডৰ সীমা মূৰীয়া হোৱাৰ হেতু তাত দুই ৰাজ্যৰ নিৰপেক্ষ বাহিনী হিচাপে চিআৰপিএফক দায়িত্ব দিয়া আছে৷ঘটনা সংঘটিত হোৱাৰ কিছু নিলগতে চিআৰপিএফৰ শিৱিৰ আছে যদিও তেওঁলোকক খবৰ দিয়াৰ পাচতো শিৱিৰৰ পৰা ওলাই নাহিল বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে|তদুপৰি দেৰিকৈ চুঙাজান আৰক্ষী তাত উপস্হিত হয়গৈ যদিও ইতিমধ্যে দুৰ্বৃত্ত পলাই নিৰাপদ স্হান পায়| এক প্ৰকাৰ নিৰাপত্তা হীনতাত ভোগা সীমান্তবাসীক নিৰাপত্তা কোনে দিব ,সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন|
অসম-নাগালেণ্ড সীমান্তত নগাৰ ধন দাবী
Facebook Comments