অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী জজৌৰ গোলাঘাট আদালতত আত্মসমৰ্পণ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ১৩ জুনঃ গোলাঘাটৰ ড্ৰাগছ ব্যৱসায়ী, হত্যাৰ গোচৰত অভিযুক্ত জজৌ ওৰফে মৃনাল গগৈয়ে আজি আত্ম সমৰ্পণ কৰে৷ অভিযুক্ত জজৌয়ে আজি মহিলাৰ বেশ ধৰি গোলাঘাটৰ আদালতত আত্মসমৰ্পণ কৰে৷ উল্লেখ্য যে যোৱা ৯ জুনত জজৌৰ ঘৰৰ সমীপতে সঞ্জীৱ গোস্বামী নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷মৃত যুৱকজনৰ মাতৃ ৰুণু গোস্বামীয়ে তেওঁৰ পুত্ৰক জজৌৱে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰি থানাত গোচৰ তৰে৷ তাৰ পিছতে জজৌৱে আত্ম গোপন কৰি আছিল৷ যাৰ ফলত জজৌক গ্ৰেপ্তাৰৰ লগতে গোলাঘাট দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছৰ ৰমৰমীয়া বেহা বন্ধ কৰা দাবীত জিলাখনত তীব্ৰ প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল৷ ড্ৰাগছৰ অবাধ প্ৰচলন ৰোধ কৰাত আৰক্ষী তথা প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমছুকে ধৰি একাংশ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়৷ ইয়াৰোপৰি যোৱা ১১ জুনত গোলাঘাট মিডিয়া ফৰামৰ উদ্যোগত ড্ৰাগছ বিৰোধী এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ উক্ত প্ৰতিবাদী সভাত জিলাখনৰ,২০টাৰো অধিক সংগঠনৰ লগতে জিলাখনৰ শ শ জনসাধাৰণ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী সভাত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং উপস্থিত হৈ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এইক্ষেত্ৰত জনসাধাৰণৰো সহযোগিতা বিচাৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here