বিনামূলীয়া কেঞ্চাৰ ৰোগৰ পৰীক্ষা আৰু সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ১৪ জুনঃ মাৰোৱাৰী যুৱমঞ্চ গোলাঘাট শাখাৰ উদ্যোগত ১৩জুনত স্থানীয় মহেশ্বৰী ভৱন প্ৰাংগণত বিনামূলীয়া কেঞ্চাৰ ৰোগৰ পৰীক্ষা আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত কেঞ্চাৰ ৰোগৰ পৰীক্ষা কৰিব পৰা অত্যাধুনিক চিকিৎসা যন্ত্ৰ সম্বলিত এখন বিশেষ বাহনত অহা চিকিৎসা কৰ্মীৰ এটা দলে মুখ, ডিঙি, হাওঁফাওঁ,  স্তন,  জৰায়ু আদি অংগৰ পৰীক্ষা কৰাৰ সুবিধা আগবঢ়ায়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰ আয়োজন কৰা হয়।  মনোজ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰিকা।  আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ এন কোৱৰ, ডাঃ এছ শৰ্মা,  ডাঃ পাৰ্থ গোহাঁই, ডাঃ জ্যোতিষ সোণোৱাল ,ৰুনুমী বৰুৱা আদি।  সভাত কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে মাৰোৱাৰী যুৱ মঞ্চই গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় জিলা উপায়ুক্তই আৰু লগতে বিশেষ বাহনখনত অহা চিকিৎসা কৰ্মীৰ দলটোৰ সদস্য ক্ৰমে আনন্দ সিং,  শ্ববনম প্ৰবীণ,  আমন সিং,  শ্বেতা তিৱাৰী,  ডিপি পাণ্ডে আৰু শুভম সিঙক অভিনন্দন জ্ঞাপন কৰে। সভাত চিকিৎসা কৰ্মীৰ দলটোৰ নেতৃত্ব লোৱা আনন্দ সিঙে জানিবলৈ দিয়ে যে বিগত ২০১৫ চনৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে আৰু ইয়াৰ ফলত বহুতো দৰিদ্ৰ লোক উপকৃত হৈছে আৰু অসম ৰাজ্যত বৰ্তমানলৈকে ত্ৰিছটা বিনামূলীয়া কেঞ্চাৰ ৰোগৰ পৰীক্ষা শিবিৰ সম্পন্ন হৈছে। উল্লেখযোগ্য যে গোলাঘাটৰ আজিৰ শিবিৰত ডেৰ শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here