গোলাঘাটৰ বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক ন্যাস বঁটা প্ৰদান সপোন দেখিলেহে সফলতা লাভ কৰিব পাৰিঃ অধ্যাপক যোগেন চন্দ্ৰ কলিতা

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ১৪ জুনঃ সফলতা লাভ কৰিবলৈ হলে সপোন দেখিবই লাগিব । প্ৰত্যেক জন মানুহৰ একো একোটা সপোন থাকে । এই সপোন বাস্তৱ ৰূপ দিবলৈ হ’লে কষ্ট কৰিব লাগিব। পৃথিৱীৰ সকলোৱেই একো একোজন মানৱ সম্পদ। ১৩ জুনত গোলাঘাট জিলাৰ বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক তথা মানৱ সম্পদ উন্নয়ন বিভাগৰ অধ্যাপক ডঃ যোগেন চন্দ্ৰ কলিতাই । গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা চলচিত্ৰ পৰিচালক দীনেশ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথিৰূপে আসন অলংকৃত কৰি ডঃ কলিতাই কয় যে , বৰ্তমান সময়ত আমি মানৱ সম্পদ তৈয়াৰ কৰাত অধিক গুৰুত্ব দিব লাগে। সমাজৰ প্ৰত্যেকটো শ্ৰেণী সৰ্বাংগীন উন্নয়ন কৰিবলৈ হ’লে শৈক্ষিক বাতাবৰণ উত্তৰণ ঘটিব লাগিব। কেৱল পাঠ্যপুথি শিক্ষাই এখন দেশ আগবাঢ়িব নোৱাৰে । সকলো দিশতে উন্নয়ন হ’ব তেতিয়াহে যেতিয়া দেশৰ প্ৰতিজন নাগিৰীকে পাঠ্যপুথি শিক্ষা আৰু বাহ্যিক শিক্ষক সমানে আগবঢ়াই নিব । আজি বেতিয়নী উচ্চাতাৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শৈক্ষিক ন্যাস পুঁজিৰ বঁটা প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ বিপুল কুমাৰ ভাগৱতীয়ে । এই সভাত গুৱাহাটীৰ শিক্ষাবিদ ডঃ গিৰিশ মল্ল বৰুৱা, বিদ্যালয় পৰিদৰ্শক ডঃ সমীৰণ বৰা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধক্ষ্য জগত চন্দ্ৰ ভূঞাই নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে । এই সভাতে বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা , উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আৰু বিদ্যালয়ৰ কৃতী খেলুৱৈক বঁটা প্ৰদান কৰা হয়। এই অনুসৰি স্বৰ্গীয় লীলাকান্ত ৰাজখোৱা শৈক্ষিক ন্যাস বঁটা লাভ কৰে ঈশান জ্যোতি কাকতিয়ে, স্বৰ্গীয় আইদেউ ৰাজখোৱা বঁটা লাভ কৰে বিউটি ৰাজখোৱাই। স্বৰ্গীয় মিনেশ্বৰী দুৱৰ। শৈক্ষিক বঁটা লাভ কৰে চেৰেনা গগৈ, স্বৰ্গীয় নগেন্দ্ৰ নাথ বৰা সোঁৱৰণি বঁটা লাভ কৰে জ্যোতিষ্ণা শইকীয়া আৰু মন ময়ুৰী বৰাই । স্বৰ্গীয় টেপুৰাম দত্ত সোঁৱৰণি কৃতী খেলুৱৈ বঁটা লাভ কৰে জেনী বৰুৱা আৰু স্বৰ্গীয় সোণেশ্বৰী দত্ত সোঁৱৰণি কৃতী খেলুৱৈ বঁটা লাভ কৰে ৰিঞ্জুমণি শইকীয়াই । অনুষ্ঠানত স্বৰ্গীয় লীলাকান্ত ৰাজখোৱা আৰু আইদেউ ৰাজখোৱা বঁটাৰ দাতা গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাতুল চন্দ্ৰ ৰাজখোৱা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছামূলক বক্তব্য আগবঢ়াই । সেইদৰে মিনেশ্বৰী দুৱৰা বঁটাৰ দাতা তথা প্ৰাক্তন ছাত্ৰ ডাঃ নৱজ্যোতি দুৱৰা, নগেন্দ্ৰ নাথ বৰা সোঁৱৰণি বঁটাৰ দাতা পৰিয়ালৰহৈ সৰ্বানন্দ বৰা, টেপুৰাম দত্ত আৰু সোণেশ্বৰী দত্ত সোঁৱৰণি কৃতী খেলুৱৈ বঁটাৰ দাতা নিয়মীয়া বার্তাৰ গোলাঘাটৰ সাংবাদিক তথা প্ৰাক্তন ছাত্ৰ ভৰত দত্ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। বিদ্যালয়ৰ বিষয় শিক্ষক জীৱন জ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র ছাত্ৰী, শিক্ষক কৰ্মচাৰী আদিৰ লগতে বেতিয়নী অঞ্চলৰ শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here