লংকাৰ কাকীত অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচীৰ দপদপনি

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৪ জুনঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ভেঙুচালী কৰি এচাম অসাধু লোকে অনুজ্ঞাপত্ৰ নোহোৱাকৈ লংকাৰ কাকীত অবৈধ ফাৰ্মাচী খুলি গাঁৱৰ সহজ-সৰল মানুহক চিকিৎসা দিয়াৰ নামত টকা লুটি আহিছে। ইমানেই নহয় এইসকল অসাধু ব্যবসায়ীয়ে মাটিত ট্ৰিপাল পাৰি ওষধ বিক্ৰী কৰাৰ ঘটনাও পোহৰলৈ আহিছে। উল্লেখযোগ্য যে কাকীৰ টঙীয়া,ডেৰাপথাৰ,টিলাবজাৰ,বেলতলাবজাৰ, আমতলা বজাৰৰ লগতে আৰু বহুঠাইত এইদৰে ঔষধ বিক্ৰীৰ লগতে ৰোগী সমূহক বেজী,চেলাইন অবৈধভাৱে দি আহিছে। সা়ংবাদিক যোৱাৰ উমান পালেই এইসকল ফাৰ্মাচীৰ গৰাকীয়ে ফাৰ্মাচী এৰি পলাই পত্ৰং দিয়ে। আমতলা বজাৰৰ এখন ফাৰ্মাচীত এজন ৰোগীক বেঞ্চত শোৱাই ৰোগীজনৰ ওপৰত এদাল ওলমি থকা থেটিস্কোপত এটা চিচিৰ বটলৰ চলাইন ফিট্ কৰি ফাৰ্মাচীৰ লোকজন অইন কামত লােগ। উক্ত অৱস্থাত সাংবাদিক উপস্থিত হৈ দৃশ্যটি প্ৰ্যত্যক্ষ কৰে। যিহেতু চেলাইনটো শেষ হ’বৰ হৈছিল, এজন স্থানীয় লোকে চেলাইনটো খুলি দিয়ে। এনে দায়িত্ববোধ নথকা ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ নাম আজিম উদ্দিন বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰ জনোৱামতে আজিম উদ্দিন নামৰ ভূৱা ফাৰ্মাচীষ্টজনে দাবী ধমকিৰে ঔষধ, বেজি, চেলাইন দিয়াৰ নামত পইচা সৰকাই আহিছে। ইমানেই নহয় তেওঁৰ ভয়ত কোনেও মুখ খুলিব নোখোজে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here