হোজাইত ছাত্ৰীক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৪জুনঃ বেটি বাচাও বেতি পঢ়াওঁ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ ভাৰতবৰ্ষতে এজাক সমাজ বিৰোধীৰ দুঃচক্ৰৰ ষড়যন্ত্ৰত ভেটি সুৰক্ষিত নহয় মহিলা-যুৱতী আনকি ছাত্ৰ-ছাত্ৰীৰো। এইবাৰ চৌধুৰী বজাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ এই ঘটনা সংগঠিত হয় হোজাই জিলাৰ মোৰাজাৰৰ চৌধুৰী বজাৰ থানাৰ অন্তৰ্গত অকচেক পথাৰ গাঁৱত।ছোৱালীজনী যোৱা মঙ্গলবাৰে কলেজৰ পৰা দিনৰ ২:৩০মান বজাত ঘৰলৈ যোৱাৰ পিছত ছোৱালীজনীৰ ঘৰত কোনো মানুহ নথকাৰ সুযোগ লৈ ছালেহ আহমদ নামৰ অপহৰণকাৰীজনে ঘৰত প্ৰৱেশ কৰি ছোৱালীজনীৰ কোঠালিত সোমাই মুখত চেপামাৰী ধৰি কোঠালিৰ পৰা টানি চোঁচোৰাই লৈ যোৱাৰ অৱস্হাত ছোৱালীজনীৰ চিঞৰ বাখৰ শুনি ছোৱালীজনীৰ মাতৃ অহাত অপহৰণকাৰীজনে দৌৰি পলাই যায়।উল্লেখ যে অপহৰণকাৰীজন অকচেক গাঁৱৰ আব্দুল হান্নানৰ পুত্ৰ ছালেহ আহমদ।

এই ঘটনা সন্দৰ্ভত ছোৱালীজনীয়ে চৌধুৰী বজাৰ আৰক্ষী চকীত এজহাৰ দাখিল কৰিছে আৰু চৌধুৰী বজাৰ আৰক্ষীয়ে কি ব্যৱস্হা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

ইফালে অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজ তথা চৌধুৰী বজাৰ আঞ্চলিক আমছু আৰু চৌধুৰী বজাৰ আঞ্চলিক ছাত্ৰসন্থাকে ধৰি কেইবাটাও স্থানীয় দল সংগঠনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here