প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই জিলাৰ লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৪জুনঃ বদৰউদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলৰ অধীনত থকা যমুনামুখ সমষ্টিৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী গড়কাপ্তানী পথ বোকা-পানীৰে একাকাৰ হৈ পৰাত সম্প্ৰতি যাতায়াত ব্যাহত হৈ পৰিছে।ৰাইজে অভিযোগ কৰা মতে ১৫ বছৰৰ পৰা যমুনামুখ সমষ্টি এ আই ইউ ডি এফ ৰ দখলত আছে,কিন্তু উন্নয়নৰ মুখ দেখা নাই যমুনামুখ সমষ্টিৰ ৰাইজে, আৰু কয়যে নিৰ্বাচন আহিলে দেখা দিয়ে বিধায়কজনে আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত যমুনামুখ বাসীৰ খবৰ ল’বলৈ সময় নাই বিধায়কগৰাকীৰ। পথটোৰে নিতৌ অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীকে ধৰি ব্যৱসায়ী, কৰ্মচাৰী, পথচাৰী অহা-যোৱা কৰে আৰু তেওঁলোক ভীষণ হাৰাশাস্তিৰ সম্মুখীন হৈছে।
এইক্ষেত্ৰত সমষ্টিৰ বিধায়ক আৰু গড়কাপ্টানী বিভাগৰ বৰমূৰীয়াই গুৰুত্ব প্ৰদান নকৰাত ৰাইজে এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিবলগীয়া হৈছে।শেহতীয়াকৈ অঞ্চলটোৰ মোৰাঝাৰ-চৌধুৰী বজাৰ পথছোৱা গড়কাপ্তানী বিভাগে বহু বছৰ ধৰি মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সম্মুখীন হৈছে| ইতিমধ্যে পথছোৱা বোকাৰে আৱৰি ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে যদিও গড়াকাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এইসমূহ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ ৰাজহুৱা অভিযোগ উঠিছে।
অঞ্চলটোৰ পথচাৰীয়ে অন্যপথৰে যাতায়াত কৰা বিকল্প পথ নাই|ফলত ভূগীবলগীয়া হৈছে যমৰ যাতনা | সেয়ে স্থানীয় দল সংগঠন, আমছু আৰু ৰাইজে পথসমূহ মেৰামতি কৰিবলৈ দাবী জনাইছে। এইক্ষেত্ৰত বিধায়ক আব্দুৰ ৰহিম আজমলে কোনো গুৰুত্ব নিদিয়ে বুলি ৰাইজে অভিযোগ উঠাইছে আৰু বিধায়কে অতি সোনকালে এই ৰাস্তাটোৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।