স্থানীয় যুৱকে চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰি গতালে আৰক্ষীক

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,১৪জুনঃ চৰকাৰে যিমানেই বাংলাদেশ তথা আন দেশলৈ গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্হা গ্ৰহণ নকৰক কিয় বৰ্তমানো কিছু দুষ্টচক্ৰ, অসাধু ব্যৱসায়ীয়ে চৰকাৰ তথা প্ৰশাসনৰ চকুত ধূলি মাৰি নিজৰ মুনাফা লাভৰ বাবে চলাই আহিছে আন জীৱ-জন্তু লগতে গৰু সৰবৰাহৰ ৰমৰমীয়া বেহা|

অসমৰ গাঁৱে-ভূঞে থকা স্থানীয় গৰু বজাৰবোৰত বহিঃদেশৰ অসাধু দুষ্ট গৰু ব্যৱসায়ীয়ে কম দামত গৰু ক্ৰয় কৰি ট্ৰাকে ট্ৰাকে কহিয়াইছে বহিঃদেশলৈ| তেনে এক ঘটনা পোহৰলৈ আহিছে হোজাই জিলাৰ লংকাত|লংকাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন এলেকাৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ কৰি কোনো নথি-পত্ৰ নোহোৱাকৈ শিলচৰলৈ নি থকা অৱস্হাত লংকাৰ যুৱ প্ৰজন্ম তথা লংকাৰ দলসংগঠনৰ সদস্যই বৃহস্পতিবাৰে সন্ধিয়া লংকাৰ বিভিন্ন প্ৰান্তত আটক কৰে সাতখন গৰু আৰু ম’হৰ গাড়ী|উল্লেখ যে, ট্ৰাকত জীৱ-জন্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ ক্ষেত্ৰত গাড়ীখনত বিজ্ঞানসন্মতভাৱে যি যি ব্যৱস্হা থাকিৱ লাগে সেয়া এটা ব্যৱস্থাও দেখিবলৈ পোৱা নগ’ল গাড়ীকেইখনত লগতে আইনী নিৰ্দেশক অমান্য কৰি এখন গাড়ীতে ১২টাতকৈও অধিক গৰু কঢ়িয়াই অনা পৰিলক্ষিত হ’ল| পিছত আটক কৰি গাড়ী সাতখন গতাই দিয়া হয় লংকা আৰক্ষীক| বৰ্তমান লংকা আৰক্ষীৰ জিম্মাত গৰু আৰু ম’হৰ গাড়ী সাতখন|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here