সৰুপথাৰৰ উৰিয়ামঘাটত উদ্বোধন হ’ল আদৰ্শ চিকিৎসালয়

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৪ জুনঃ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বৃহস্পতিবাৰে এখন আৰ্দশ চিকিৎসালয় উদ্বোধন কৰা হয়। ৰাজ্যৰ ৮৩ সংখ্যক আদৰ্শ চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকাই।উল্লেখ্য যে, চিকিৎসাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰায় ৮০ কিলো মিটাৰ বাট অতিক্ৰম কৰি গোলাঘাট নগৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসা গ্ৰহণৰ বাবে যাবলগা হৈছিল।উক্ত চিৰিৎসালয়খন স্থাপন হোৱাত বৃহত্তৰ উৰিয়ামঘাট অঞ্চলৰ বহু দিনীয়া সমস্যাৰ অন্ত পৰে। চিকিৎসালয়খনৰ উদ্বোধন অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সচিব,সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলিনা তিৰ্কী, প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা, মহকুমাধিপতি পি উদয় প্ৰবীন, সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ দেৱ , এপেস্ক বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনকে ধৰি স্বাস্হ্য বিভাগৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here