নীলবাগানত অবৈধ সুৰা জব্দ আৰক্ষীৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫জুনঃ হোজাইৰ নীলবাগান তিনিআলীত ১৪ জুনৰ নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে বহু অবৈধ সুৰা৷

হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নীলবাগান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শান্তনু ৰায়ে অভিযান চলাই জব্দ কৰে সুৰাখিনি৷নীলবাগান তিনিআলীত থকা এখন ফল দোকানৰ পিছৰ পৰা আৰক্ষীয়ে সুৰাখিনি জব্দ কৰিলেও ঘটনা সংক্ৰান্তত কাকো আটক কৰিব পৰা নাই৷ৰাইজৰ অভিযোগ জনৈক বদৰুল নামৰ এজন লোকে দীৰ্ঘদিনৰ পৰা নীলবাগানত সুৰাৰ ব্যৱসায় চলাই আহিছে৷আজি জব্দ কৰা সুৰাখিনি বদৰুলে আনি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷পিছত আৰক্ষীয়ে ৰাইজৰ সহযোগত সুৰাখিনি নষ্ট কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here