গোঁসাই গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ১৫জুনঃ হোজাই জিলাৰ লংকা আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত গোঁসাই গাঁৱত শুকুৰবাৰে পূৱতী নিশা বনৰীয়া হাতীৰ তাণ্ডৱ|

হাতীয়ে পুৱতি নিশা গাঁৱখনৰ তিনিটাকৈ আৱাসগৃহৰ বেৰ ভাঙি ঘৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰৰ বয়-বস্তু লণ্ডভণ্ড কৰে লগতে বাৰীৰ গছ-গছনীৰ বিষ্টৰ অনিষ্ট সাধন কৰে|বীনা বৰা, মহেশ বৰা আৰু কেশৱ সিঙৰ ঘৰত হাতীয়ে চলাই এই তাণ্ডৱ| সকলোতকৈ দুৰ্ভাগ্যজনক কথা এই যে, বৰ্তমান পৰ্যন্ত লংকা বনবিভাগৰ লোক ঘটনাস্হলীত উপস্হিত হোৱা নাই|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here