সদৌ অসম বাহ্মণ সমাজৰ নৱম দ্বিবাৰ্ষিক গোলাঘাট অধিবেশন

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ১৫ জুনঃ সদৌ অসম বাহ্মণ সমাজৰ নৱম দ্বিবাৰ্ষিক গোলাঘাট অধিবেশনখন ১৪ জুনৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ গোলাঘাট মহেশ্বৰী ভৱন আৰু গোলাঘাট এমেচাৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে৷অসমৰ ২৬খন জিলাৰ প্ৰায় ১০০০ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰা অধিবেশনত প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী আছিল ,গোলাঘট জিলা ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মাজত ‘মহাভাৰতৰ বিষয়ৰ ভিত্তিত’ কুইজ প্ৰতিযোগিতা৷বিভিন্ন স্কুলৰ প্ৰায় দহটা দলে যোগদান কৰা প্ৰতিযোগিতাখন পৰিচালনা কৰে সমাজৰ উপদেষ্টা আচাৰ্য ৰোহিনীবল্লৱ গোস্বামীয়ে৷তাৰপাচতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলৰ পঞ্জীয়ন আৰম্ভ হয় আৰু দিনৰ দুই বজাৰ পৰা বাহ্মণ সমাজৰ অন্তৰ্গত ‘অসম মহিলা পৰিষদৰ’ দ্বিবাৰ্ষিক অধিবেশন, মহেশ্বৰী ভৱনত আৰু অসম যুৱ বাহ্মণ পৰিষদৰ দ্বিবাষিক অধিবেশন,এমেচাৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ সন্ধ্যা সাত বজাৰ পৰা প্ৰতিনিধি সভা ৰাতি এঘাৰ বজালৈকে অনুষ্ঠিত হৈ অসম্পূৰ্ণ হৈ ৰয়, পুণৰ এই সভা ১৫ তাৰিখে পুৱা ৯-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে৷ আজি পুৱা ৮-৩০ বজাত পতকা উত্তোলন কৰে বাহ্মণ সমাজৰ সভাপতি ড০ সুনীল কুমাৰ গোস্বামীয়ে৷উত্তোলন কৰি ভাষণ প্ৰসংঙ্গত তেখেতে কয় যে সকলোকে এখন সুস্থ সমাজৰ পথ প্ৰদৰ্শন কৰাই হ’ল বাহ্মণ সমাজৰ মূল উদেশ্য৷ ইয়াৰ পিচতে স্মৃতি তৰ্পণ কৰে সমাজৰ অন্যতম উপদেষ্টা গিৰিশ গোস্বামীয়ে৷ ৰাতিলৈ “বিপ্ৰ দামোদৰ” ভাওনা প্ৰদৰ্শন কৰা হ’ব, গোলাঘাট মহেশ্বৰী ভৱনত ৷ ১৬ জুনত মুকলি সভা অনুষ্ঠিত হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here