ডিগবৈৰ আই অ’ চি শোধনাগাৰৰ টাৰ্মিনেলত বানপানীঃ ধাৰাষাৰ বৰষুণৰ ফলত ডুব গ’ল টাৰ্মিনেলটো

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা , ১৫ জুনঃ তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈ গোলাইস্থিত আই অ’ চিৰ টাৰ্মিনেলটো সম্প্ৰতি সংকটৰ গৰাহত।আজি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডুব গ’ল টাৰ্মিনেলটোৰ ভিতৰভাগ।ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত সম্পুৰ্ণভাৱে ডুব যায় কাৰ্যালয়টোৰ ভিতৰচ’ৰা লগতে CCTV কেমেৰাও। টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত।যাৰ ফলত যানজঁটৰ সৃষ্টি হৈছে। এই সমস্যাৰ বুজ ল’বলৈ আই অ’ চিৰ কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশই।বানপানীৰ ফলত টাৰ্মিনেলটোৰ সকলো কাম-কাজ বন্ধ হৈ পৰিছে।আই অ’ চিয়ে বৰষুণৰ পানী বাহিৰলৈ ওলোৱা কোনো উচিত ব্যৱস্থা নকৰাৰ পৰিণতিতে বাৰিষা হ’লেই এনেদৰেই বানপানীৰ সমস্যাৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে গোলাইৰ সমিতিৰ মুখ্য বিষয়াজনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here