মাৰ্ঘেৰিটাত আইন সেৱা প্ৰাধিকাৰী উদ্যোগত সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্ত,তিনিচুকীয়া,১৫ জুনঃ তিনিচুকীয়া জিলাৰ আইন সেৱা প্ৰাধিকাৰী উদ্যোগত তথা মাৰ্ঘেৰিটা মহকুমাৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত যোৱা ১২ জুন তাৰিখে মাৰ্ঘেৰিটাত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে যোৱা ১২ জুন তাৰিখে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাকুমকিল্লাত দিনৰ ১:০০ বজাৰ পৰা সজাগতা সভাখন অনুষ্ঠিত হয়। সমগ্র বিশ্বতে ১২ জুন তাৰিখটো শিশু শ্ৰম বিৰোধী দিৱস হিচাপে ২০১২ চনৰ পৰা উৎযাপন কৰি অহা হৈছে । বিশ্ব বুকুৰ পৰা যাতে শিশু শ্রমিক ৰোধ কৰিব পৰা যায় শিশু সকলৰ অধিকাৰ কোনেও যাতে খৰ্ব কৰিব নোৱাৰে এই বিষয়ে ৰাইজৰ মাজত সজাগতা আনিব বাবেই এই সজাগতা সভাখন অনুষ্ঠিত কৰা হৈছিল । সজাগতা সভাখনত সকলোৱে শিশু শ্রমিক নৰখা লগতে শিশু অধিকাৰ খৰ্ব নকৰা শপত লয় । উক্ত সজাগতাৰ সভাখনত তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকাৰী জিলা সচিব নয়ন জ্যোতি দত্ত , তিনিচুকীয়া জিলাৰ জেষ্ঠ অধিবক্তা গৌতম বৰকাকতি , মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , উপ আৰক্ষী বিষয়া , মাৰ্ঘেৰিটা মহকুমা গাওঁৰক্ষী বাহিনীৰ উপঃউপদেষ্ট , ভিতৰপাৱৈ গাঁৱৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি , আঞ্চলিক পঞ্চায়তৰ সদস্যা,মাকুমকিল্লা গাৱঁৰ চৰকাৰী গাওঁবুঢ়া লগতে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেইবাখনো গাওঁৰক্ষী বাহিনীৰ সংগঠনৰ কৰ্মকৰ্তা লগতে অঞ্চলটো শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here