গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে বিশাল প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৫ জুনঃ গোলাঘাটত ভয়ানকভাৱে বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ আজি দিনক দিনে বাঢ়ি অহা ড্ৰাগছ প্ৰচলন বন্ধ আৰু ড্ৰাগছ ব্যবসায়িক অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে l গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক লোকৰ উপস্থিতিত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী, কাৰ্যসূচীত ড্ৰাগছ ব্যবসায়িক উচিত শাস্তি প্ৰদান কৰক, গোলাঘাটত অতি শীঘ্ৰে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক আদি বিভিন্ন ড্ৰাগছ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে নগৰখনত এক প্ৰতিবাদী সমদল কৰি সমগ্ৰ ৰাজপথ কঁপাই তোলে৷অতি শীঘ্ৰে যদিহে চৰকাৰে এই ক্ষেত্ৰত কোনো বিহিত ব্যবস্থা গ্ৰহণ নকৰে তেনেহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে গোলাঘাট জিলা ছাত্ৰ সন্থাই l প্ৰতিবাদৰ অন্তত গোলাঘাট উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে l উল্লেখ্য যে ইতিমধ্যে গোলাঘাটত এই ড্ৰাগছ সেবনৰ ফলতেই দুই ছাত্ৰৰ মৃত্যু ঘটিছে l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here