লংকাত উদ্ধাৰ এটি লাজুকী বান্দৰ

 

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৭জুনঃ হোজাই জিলাৰ লংকাৰ জয়ৰাম বস্তিত দেওবাৰে নিশা উদ্ধাৰ এটি লাজুকী বান্দৰ উদ্ধাৰ হয়|

স্থানীয় ৰাইজে বন্দৰটো বিচৰণ কৰি থকা প্ৰত্যক্ষ্ কৰি খৱৰ দিয়ে লংকা বনবিভাগক| পিছত লংকা বনবিভাগৰ লোকে লংকাৰ জয়ৰাম বস্তিৰ পৰা লাজুকী বান্দৰটো উদ্ধাৰ কৰি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ আহে |

লংকাৰ কাষতে থকা লামডিং অসংৰক্ষীত বনাঞ্চলৰ পৰা ওলাই আহি এনেদৰে জনঅৰণ্যত বিচৰণ কৰি আছে বুলি সন্দেহ লংকা বন বিভাগৰ | বৰ্তমান লংকাৰ আঞ্চলিক বন বিভাগৰ জীম্মাত আছে লাজুকী বন্দৰটো|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here