অসম বাহ্মণ সমাজৰ নৱম দ্বিবাৰ্ষিক গোলাঘাট অধিবেশন সমাপ্ত

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৭ জুনঃ তিনিদিনীয়া বিস্তৃত কাৰ্সসূচীৰে গোলাঘাটত আৰম্ভ হোৱা অসম ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে সফলতাৰে অন্ত পৰে৷তদুপলক্ষে দেওবাৰে পুৱা ৯-৩০ বজাত এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ একুৰি দলে জাতি ,ধৰ্ম্ম,বৰ্ণ নিৰ্বিশেষে শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে৷ বিশেষকৈ দুটা হাতী, তাৰ পাছতে বেদ এজন বিপ্ৰই মূৰতলৈ গায়ন-বায়ন, শঙ্খ-ঘন্টা,নেপালী, ৰাজস্থানী আদি সাংস্কৃতিক অনুষ্ঠানে গোলাঘাট নগৰৰ মূল পথত বেদ” পৰিভ্ৰমণ কৰোৱা হয়৷ শোভাযাত্ৰাৰ অন্তত গোলাঘাটৰ মহেশ্বৰী ভৱনত মুকলি সভা অনুস্থিত হয়৷সভাত সভাপতিত্ব কৰে ব্ৰাহ্মণ সমাজৰ নৱনিৰ্বাচিত সভাপতি সুনীল কুমাৰ গোস্বামীয়ে৷সভাখন উদ্বোধন কৰে কাকজান কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° দীপক শৰ্ম্মাই৷নিৰ্দিষ্ট বক্তাৰ আসন শুৱনী কৰে ড° শোভাৰাণী শৰ্মাই৷ইয়াৰ উপৰিও মুখ্য অতিথি ৰূপে সভাত অংশগ্ৰণ কৰি ভাষণ প্ৰদান কৰে নেপালৰ পৰা অহা পণ্ডিত ড°কুমুদ কান্তি শৰ্মাই৷ইয়াৰ পাচতে সভাপতিৰ ভাষণ আৰু গোলাঘাট জিলাৰ বাহ্মণ সমাজৰ সম্পাদক ৰবিন পূজাৰীৰ শলাগৰ শৰাইৰে মুকলি সভাৰ অন্ত পৰে৷উল্লেখ্য যে শনিবাৰে অনুষ্ঠিত হৈ যোৱা বিষয় বাচনি সভাত, সুনীল কুমাৰ গোস্বামীক সভাপতি(মঙ্গলদৈ),গনেশ শৰ্মাক সম্পাদক(মৰিগাঁও), ডাঃ শ্ৰীবৎস গোপাল গোস্বামীক কাৰ্যকৰী সভাপতি হিচাপে লৈ ২১ জনীয়া এখন শক্তিশালী ৰাজ্যিক সমিতি আগন্তুক দুটা বৰ্ষৰ বাবে গঠন কৰা হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here