কাৰ্বি আংলঙত শ্ৰমিকক মাৰধৰ কৰি নদীত পেলাই দিয়াৰ বৰ্বৰ ঘটনাঃ ভুক্তভোগী সন্ধানহীনঃ অঞ্চলজুৰি চাঞ্চল্য

প্ৰাগজ্যোতিষ বাৰ্তা,হাওৰাঘাট,১৭জুনঃ উন্মত্ত এটা দলে মিলি এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হ’ল কাৰ্বি আংলঙত৷সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাই আহিছে এইখন অসমত৷

কাৰ্বি আংলংৰ ইটা ভাটাত কাম কৰা এজন শ্ৰমিকক ভাটাটোৰ মালিক আৰু ১৫-১৬ জন শ্ৰমিক মিলি দলৱদ্ধ হৈ বৰ্বৰভাৱে মাৰপিট কৰি যমুনা নৈত পেলাই দিয়ে৷শ্ৰমিকজনৰ ঘৰ হোজাই জিলাৰ বৰবালী গাঁৱত৷

ঘটনাৰ বিৱৰণীমতে, আব্দুল কালাম নামৰ অতি দুখীয়া শ্ৰমিকজনে কাৰ্বিআংলঙৰ হাওঁৰাঘাট অঞ্চলৰ ডিলাইডাংগাত থকা হামি চাহুৰ ইটা ভাটাত কাম কৰিছিল৷যোৱা ১৫ জুন তাৰিখে ইটা ভাটাৰ মালিকে শ্ৰমিকজনক মাতি পঠিয়াই আৰু কিবা কথাত মতানৈক্য ঘটাত মালিক আৰু বেলেগ কৰ্মাচাৰী মিলি বৰ্বৰভাৱে মাৰপিঠ কৰি বান্ধি থয় ৷ ভুক্তভোগীয়ে সুযোগবুজি কোনোমতে নিজকে মুকলি কৰি পলাবলৈ বিচৰাত ইটাভাটাৰ মানুহে দা, লাঠি লৈ খেদি খেদি আহি ধৰি আকৌ মাৰপিঠ কৰি মানুহজনক ওচৰত থকা যমুনা নৈত পেলাই দিয়া বুলি কিছু নাৱৰীয়াই দেখা পাইছিল ৷

ইয়াৰ পিছত ১০০ মিটাৰমানলৈকে ভুক্তভোগীজনক নদীত ভাহি গৈ থকা প্ৰত্যক্ষদৰ্শীয়ে দেখা বুলি জনায়৷ পানীত ডুবি যোৱা মানুহজনৰ আজিলৈ কোনো সন্ধান নাই৷ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ শহুৰে হাওঁৰাঘাট আৰক্ষী চকীত এজাহাৰ দিয়ে আৰু আৰক্ষীঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

শ্ৰমিকজনক খবৰ দি ইটা ভাটালৈ নিয়া বুলি অভিযুক্তই স্বীকাৰ কৰে৷ ভুক্তভোগীৰ চাইকেল ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে৷

খবৰ লিখাপৰলৈকে মানুহজনৰ বা মৃতদেহৰ কোনো সন্ধান পোৱা হোৱা নাই৷চাৰিটা লৰা-ছোৱালী আৰু পত্নীৰ সৈতে শ্ৰমিকজনৰ অতি দুখীয়া পৰিয়ালটো সৰ্বশ্ৰান্ত হৈ পৰিছে৷মানুহজন অবিহনে পৰিয়ালটোৰ কি গতি হব, সেয়া হৈ পৰিছে পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here