পৰিয়ালক নিচাজাতীয় ঔষধ খুৱাই অচেতন কৰি মাহীয়েকে অপহৰণ কৰিলে কণমানী ভাগিনকঃ অপহৰণ কৰি ডিমাপুৰত বিক্ৰীৰ সন্দেহ পৰিয়ালৰঃ শিশুটিক বিচাৰি ডিমাপুৰত হোজাই আৰক্ষীৰ অভিযান

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৭জুনঃ হোজাই মোৰাঝাৰৰ চানাপট্টিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে৷ কোনো সন্ত্ৰাসবাদী সংগঠন নাইবা দুৰ্বৃত্তই নহয়,নিজৰ ভাগিনিয়েকক অপহৰণ কৰিলে স্বয়ং নিজৰ মাহীয়েকে। পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাই নিজৰ তিনি বছৰীয়া ভাগিন আদিল হুছেইনক অপহৰণ কৰাৰ বিস্ফোৰক অভিযোগ উঠিছে৷

আদিলৰ পিতৃ আহমেদ হুছেইন কৰ্মসূত্ৰে থাকে কুৱেটত৷ডবকাৰ লংলিবস্তিৰ পৰা মাতৃ লতিফা বেগমৰ সৈতে আদিলে ঈদৰ পিচদিনাই গৈছিল হোজাই চানাপট্টিত থকা মোমায়েক ইকবালৰ ঘৰলৈ৷সকলোৰে মাজত ঈদৰ আনন্দ ৷ কৰ্মসূত্ৰে ডিমাপুৰত থকা মাহীয়েক হাজিবা বেগমে ভাগিনিয়েক মোমায়েকৰ ঘৰলৈ অহাৰ খবৰ পায় আৰু ডিমাপুৰৰ পৰা উপস্থিত হ’ল চানাপট্টিত থকা ভাতৃ ইকবালৰ ঘৰত৷নিশা সকলোৰে মাজত ফুৰ্তি আমোদেৰে চলিল পাৰ্টি৷ইমানলৈ সকলো ঠিকে ঠাকে আছিল৷কিন্তু পুৰ্বৰ পৰিকল্পনা অনুসৰি হাজিবাই ভাত খোৱাৰ পিচত সকলোকে পানীৰ লগত নিচাজাতীয় ঔষধ খুৱাই অচেতন কৰে৷কেৱল অচেতন কৰাই নহয়,সকলো মোবাইল ফোন বন্ধ কৰি চাউলৰ বস্তাৰ তলত থৈ নিজৰ তিনিবছৰীয়া ভাগিন আদিলক অপহৰণ কৰি লৈ পুৱতি নিশাই উধাও হয়৷ আদিলক অপহৰণ কৰি লৈ যাওঁতে মহিলাগৰাকীয়ে ডবকাত থকা আন এজনী ভগ্নীক ফোন কৰি আদিলক অপহৰণৰ কথা কোৱাৰ লগতে সকলোৰে মোবাইল চাউলৰ বস্তাৰ তলত ৰাখিছে বুলি অৱগত কৰে আৰু হোজাই এৰি ডিমাপুৰলৈ পলায়ন কৰে৷আদিলৰ মোমায়েক ইকবালে মোৰাঝাৰ থানত সবিশেষ উল্লেখ কৰি গোচৰ দিয়াত আৰক্ষীয়ে ডিমাপুৰ ছয়মাইলৰ লেচুগেটত থকা হাজিবাৰ বাসগৃত অভিযান চলায় যদিও বিফল হয়৷হাজিবা আৰু তেওঁৰ স্বামী ইছলাম উদ্দিনে পূৰ্বেই ঘৰত তলা লগাই পলায়ন কৰে৷ বৰ্তমানলৈকে তিনি বছৰীয়া শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷আদিলৰ মাতৃ লতিফা বেগমে চানাপট্টিত থকা ভাতৃৰ ঘৰত পুত্ৰক বিচাৰি ভাগি পৰাৰ লগতে পিতৃ আহমেদ হুছেইনে কুৱেটত পুত্ৰ অপহৰনৰ খবৰ পাই হাহাকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ মাহীয়েকৰ লগত হাজিবাৰ পিতৃ-মাতৃৰ ধনৰ লেনদেনৰ বাবেই অপহৰণ কৰি বিক্ৰী কৰাৰ সন্দেহ কৰিছে আদিলৰ পৰিয়ালে৷আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ডিমাপুৰত তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here