লংকাৰ কাকীত ধৰ্ষণৰ অপচেষ্টাঃ ৰাইজে দুৰ্বিত্তক ধৰি গতালে আৰক্ষীক

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৭জুনঃ এজন চৰিত্ৰহীন লম্পট, নাম শুক্লেশ্বৰ হাজৰিকা|এই পঞ্চল্লিশ বয়সৰ উৰ্ধৰ নৰপিশাচটোৱেই ঘটালে এক জঘণ্য ঘটনা।

হোজাই জিলাৰ কাকীত সংঘটিত হৈছে এই জঘণ্য ঘটনা |কাকী ডিমৰু পথাৰ অন্তৰ্গত গণেশগুৰি গাওঁৰ উপেন নাথৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ একে গাওঁৰে শুক্লেশ্বৰ হাজৰীকা নামৰ লম্পট লোকজনে উপেন নাথৰ পত্নীক ধৰ্ষণৰ অপচেষ্টা চলাই। অৱশ্যে মানুহগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজেই লম্পটজনক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই কাকী আৰক্ষীক চমজাই দিয়ে,আৰু আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here