বঙাইগাঁও জিলাৰ যোগীঘোপাৰ হকডোবাত প্ৰসাশনৰ উচ্ছেদ অভিযানঃ প্ৰায় ১৫০ টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ

প্ৰাগজ্যোতিষ বাৰ্তা,যোগীঘোপাৰ পৰা আব্দুল কায়েউম,১৮জুনঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত হকডোবাত বঙাইগাঁও জিলা প্ৰসাশনে উচ্ছেদ অভিযান চলায়। বিগত কুৰি বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি থকা পৰিয়ালবোৰ প্ৰসাশনে উচ্ছেদ কৰে। প্ৰায় ১০০ বিঘা চৰকাৰী ভূমি বেদখল কৰি আছিল পৰিয়ালবোৰে।প্ৰসাশনে উচ্ছেদ চলোৱাৰ সময়ত পৰিয়ালবোৰৰ মাজত কান্দোনৰ ৰোল উঠে।জিলা দণ্ডাধীশ আৰু বইটামাৰী চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰসাশনে জেচিবিৰ সহায়ত প্ৰায় ১৫০ পৰিয়ালৰ ঘৰ-বাৰী ভাঙি দিয়ে।বাকী থকা পৰিয়ালবোৰক কাইলৈৰ ভিতৰত উচ্ছেদ কৰা হ’ব বুলি কয় প্ৰসাশনে।

উচ্ছেদস্থলীত উপস্থিত হয় আমছুৰ সভাপতি ৰেজাউল কৰিম। সভাপতিগৰাকীয়ে চৰকাৰক কোঠৰ ভাষাৰে সমালোচনা কৰি কয় যে ২ দিনৰ ভিতৰত উচ্ছেদিত পৰিয়ালসমূহক পুনৰসংস্থাপন দিব লাগে। যদি অসম চৰকাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমছুয়ে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবও বুলি হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here