ওম প্ৰকাশ প্ৰমিলা দেৱী মেম’ৰিয়েল চেৰিটেবল ন্যাসৰ দ্বাৰা দুখীয়া ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৮জুনঃ যান্ত্ৰীকতাৰ মাজতো জীয়াই আছে মানৱতা | লংকাৰ নিৰ্বাসী ৰোহিত আগৰৱালাই ২০১৬ চনতেই তেওঁৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ নামত ‘ওম প্ৰকাশ প্ৰমিলা দেৱী মেম’ৰিয়েল চেৰিটেবল ন্যাস’ৰ শুভাৰম্ভ কৰিছিল। উক্ত ন্যাসৰ মূল উদ্দেশ্য আছিল হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিকভাৱে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা|বিগত তিনি বছৰৰ পৰা উক্ত ন্যাসটোৱে লংকা তথা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে আৰ্থিক সাহায্য।আৰু এইবাৰো উক্ত ন্যাসটোৱে বিগত তিনি বছৰৰ দৰে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত এখন আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত কৰি দৰিদ্ৰ মেধাসম্পন্ন ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে আৰ্থিক সাহায্য। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্হিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। লগতে সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, হোজাই জিলাৰ উপাযুক্ত, আৰু আৰক্ষী অধীক্ষককে ধৰি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল|

উক্ত অনুষ্ঠানত দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মনৰ গভীৰ অনুভৱ ব্যক্ত কৰাত তেওঁলোকৰ কথা শুনি দুচকুৰে চকুলো নিগৰি উঠে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here