হোজাই জিলাৰ লামডিংত শিশুক যৌন নিৰ্যাতন

প্ৰাগজ্যোতিষ বাৰ্তা, হোজাই,১৮জুনঃ হোজাই জিলাৰ লামডিংত সংঘটিত হৈছে এক মৰ্মস্তুদ, জঘন্য ঘটনা।
বিপ্লৱ দেৱনাথ নামৰ ১৯ বছৰীয়া যুৱকৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া এক ল’ৰা শিশু। পৰিয়ালৰ লোকৰ মতে, বিপ্লৱ দেৱনাথ নামৰ লম্পট যুৱকজনে শিশুটোক বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই নিৰ্যাতন চলাই|
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত হোৱাত লামডিং আৰক্ষী থানাত অভিযোগ দাখিল কৰে।ঘটনা সংক্ৰান্তত পৰিয়ালৰ লগতে স্থানীয়লোকে এনেধৰণৰ দুস্কৃতিকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবী জনাই|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here