পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন

প্ৰাগজ্যোতিৰ্ষ বাৰ্তা, তিনিচুকীয়া, ১৮ জুনঃ পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ অসম’ৰ তিনিচুকীয়া জিলা সমিতিয়ে ১৬জুনত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে । ২০১৮-১৯ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে পুন প্ৰথমবাৰ বাবে তামাং বৌদ্ধ সংঘৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।কেটেতং ৰাজহুৱা প্ৰেক্ষাগৃত পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ ,অসম’ৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলাখনলৈ সুখ্যাতি কঢ়িয়াই অনা জিলাখনৰ বিভিন্ন অঞ্চলৰ তামাং বৌদ্ধ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই ।
দিনৰ ১২:০০বজাৰ পৰা অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সূৰ্য বাঃ তামাঙে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ চল বা লু , সদৌ ভাৰত গোৰ্খা কেন্দ্ৰীয় সমিতিৰ সভাপতি লোকনাথ নেৱাৰ , সদৌ অসম সাহিত্য সভা সাংগঠনিক সম্পাদক সুনিল গুৰুং , নেপালী সাহিত্য সভা উপঃসভাপতি ভীম মহাৰাজী , সদৌ অসম গোৰ্খা সমিতি মাঘ্যেৰিটা জিলা সমিতি সভাপতি এম বাঃ ছেত্ৰী ,কেটেতং গাওঁপঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী বিষ্ণু মায়া শৰ্মা , ইয়াৰোপৰি জিলাখনৰ অন্তৰ্গত গোৰ্খা জনগোষ্ঠীটো বহু গণ্য -মান্য ব্যক্তি বিশেষ অভিনন্দন অনুস্থানত উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here