প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,১৮ জুনঃ তিনিচুকীয়া জিলাৰ বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাত সাংবাদিক নামধাৰী একাংশ ভুৱা সাংবাদিকে বিভিন্ন বৈধ অবৈধ ব্যৱসায়ৰ পৰা ধন দাবী কৰি সাংবাদিক সমাজক কলুষিত কৰাৰ ঘটনা পোহৰলৈ অহাত সাংবাদিক সমাজত তীব্ৰ জোকাৰণি উঠিছে।জানিব পৰামতে,তিনিচুকীয়া জিলাৰ জাগুনৰ নিজকে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ স্বত্বাধিকাৰ তথা এটা ৱেব চেনেলৰ স্থানীয় সাংবাদিক হিচাবে কাৰ্ড আৰু ‘লগ’ আদি ব্যৱহাৰ কৰি বৈধ অবৈধ শিলৰ কুৱেৰী,বালিৰ মহল,কাঠৰ গাড়ী,কয়লা গাড়ী তথা মালিকৰ পৰা ব্লেকমেইলিঙেৰে ধন দাবী কৰি সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে শৰৎ গগৈ নামৰ সাংবাদিক জনে।উল্লেখ্য যে,শেহতীয়াকৈ জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোহাইক বিভিন্ন সময়ত বন ধ্বংস কৰাৰ অভিযোগেৰে ভয় আৰু ভাবুকী প্ৰদান কৰি এক লাখ টকা দাবী কৰি হস্তগত কৰাৰ পাছতে ঘটনাটো অধিক পোহৰলৈ আহে।উক্ত ভুৱা সাংবাদিকজনেই হৈছে বিভিন্ন অপৰাধ তথা মাৰপিটৰ ঘটনাৰ সততে জড়িত হৈ থকা টি এন এ (TNA) নামৰ এটা ৱেব চেনেলৰ জাগুনৰ সাংবাদিক শৰৎ গগৈ।তাৎপৰ্যপূৰ্ণ ঘটনা এই যে ইলেট্ৰনিক মিডিয়া ৰাষ্ট্ৰীয় চেনেল জি নিউজৰ ‘লগ’ বনাই নিজকে উক্ত চেনেলটোৰ ৰাষ্ট্ৰীয় সাংবাদিক বুলি পৰিচয় দি ইতিমধ্যে বিভিন্ন উৎসৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰিছে বুলি এক সূত্ৰত প্ৰকাশ।ইয়াৰোপৰি লেখাপানীৰ ভাৰতীয় সেনা বাহিনীৰ চাউনীৰ বেৰা নিৰ্মাণৰত কোম্পানী ‘হৰিওম’ৰ বিৰুদ্ধে সন্দেহযুক্ত বনুৱা ৰখাৰ অভিযোগ তুলিও ধন দাবী কৰাৰ কথাও নাম প্ৰকাশত অনিচ্ছুক কেইবাজনো লোকে অৱগত কৰিছে।ইতিমধ্যে জাগুনৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোহাইয়ে মাৰ্ঘেৰিটা থানাত সাংবাদিক নামধাৰী গগৈৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত মাৰ্ঘেৰিটা থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মাৰ্ঘেৰিটা আৰক্ষীয়ে।
মাৰ্ঘেৰিটাত ভুৱা সাংবাদিকৰ ধনদাবী
Facebook Comments