হোজাইৰ কলেজীয়া ছাত্ৰী পলাই যোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টিঃ পলাই যোৱাৰ পাছতেই একাংশৰ লাভ জেহাদৰ সন্দেহঃ ছ’চিয়েল মিডিয়াত যুৱতীগৰাকীৰ দুটা ভিডিঅ’ৰে স্পষ্টীকৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৯জুনঃ হোজাইৰ ডিমৰুপাৰত ১৮জুনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী হিন্দু সম্প্রদায়ৰ যুৱতী এজন মুছলিম সম্প্ৰদায়ৰ যুৱকৰ লগত পলাই যোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। লগে লগে ঘটনাস্হলীত উপস্থিত হয় হোজাই আৰক্ষী।মোতায়েন কৰা হয় চি আৰ পি এফ বাহিনী।

ঘটনাক কেন্দ্ৰ কৰি কিছুসংখ্যক লোকে লাভ জেহাদৰ সন্দেহত যুৱকজনৰ ঘৰত ইটা, শিলগুটিৰে আক্ৰমণ কৰাৰ লগতে গেটৰ তলা ভাঙি যুৱকজনৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰত থকা সামগ্ৰী, আচবাব আদি ভাঙি লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি দিনৰ ১ বজাত হোজাইৰ ডিমৰুপাৰত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যুৱতীগৰাকীয়ে এগৰাকী মুছলিম সম্প্ৰদায়ৰ যুৱকৰ লগত পলাই গৈ বিবাহ পাশত বহাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হয় আজিৰ এই পৰিস্থিতিৰ।ডিমৰুপাৰৰ ফজল হকৰ পুত্ৰ মতিউৰ ৰহমানৰ লগত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ।কলেজলৈ যোৱাৰ পথৰ পৰাই নিজ প্ৰেমিক মতিউৰ ৰহমানৰ লগত পলাই যায় যুৱতগৰাকী।

ঘটনা সন্দৰ্ভত লগে লগে হোজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল পৰিয়ালৰ লোকে। থানাত গোচৰ ৰুজু হোৱাৰ পাছতেই হোজাই আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান বিচাৰি থকাৰ সময়তে যোৱা কালি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিলে দুটা ভিডিঅ’ প্ৰেমিক মতিউৰ ৰহমানৰ ফেচবুক একাউণ্টৰ পৰা।

ভিডিঅ’ দুটাত যুৱতীগৰাকীয়ে এনেদৰে কয়, আমাৰ মাজত পাঁচ বছৰ ধৰি প্ৰেম-ভালপোৱা চলি আছিল।মই জানোঁ তেওঁ মুছলিম লৰা, তথাপি মই তেওঁক ভাল পাইছোঁ।আৰু আমাৰ ভালপোৱাৰ কথা পৰিয়ালৰ লোকে জানিব পাই অইন ঠাইলৈ বিয়া ঠিক কৰিছিল। যিটো মই মান্তি নাছিলো।আৰু মোক ঘৰৰ পৰা জবৰদস্তি বিয়া দিবলৈ চেষ্টা চলাইছিল।এই সকলো কথা গম পাই মই মোৰ প্ৰেমিকৰ লগত পলাই আহিছোঁ।বৰ্তমান মই মোৰ পতিৰ লগত সুখী আছোঁ। লগতে যুৱতীগৰাকীৰ ৪ মহীয়া অন্তঃসত্তাৰ কথাও ছ’চিয়েল মেডিয়াৰ যোগেদি প্ৰকাশ কৰে।

আনহাতে পৰিয়ালৰ লোকে প্ৰশাসনক দাবী জনাইছে অতি শীঘ্ৰে যুৱতীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিবলৈ।

ঘটনা অনুসৰি প্ৰেমিকৰ সৈতে এই দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল প্ৰেমিকাৰ।ছ’চিয়েল মেডিয়াৰ যোগেদি প্ৰেমিক প্ৰেমিকাই সহায় বিচাৰিছে সংবাদ মাধ্যমৰ।ইতিমধ্যে হোজাই আৰক্ষীয়ে প্ৰেমিক প্ৰেমিকাক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব। ইফালে যুৱকজনৰ বাসগৃহত বৰ্তমান কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজত ৰখা হৈছে যাতে কোনো অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here