ডিগবৈ নাজিৰাটিংত প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ১৯ জুনঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ নাজিৰাটিংত ১৮ জুনৰ পুৱাই এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।ডুমডুমা বন সংমণ্ডলৰ অধীনৰ দুই নং নাজিৰাটিং চাহ বাগিচাৰ দৰৱ ঢালিবলৈ অহা চাহ শ্ৰমিকে চাহ বাগানখনৰ নলাত মৃত অৱস্থাত বাঘটো পৰি থকা প্ৰত্যক্ষ কৰি হুলস্থুল লগোৱাত অঞ্চলটোৰ স্থানীয় লোকে ভিৰ কৰে।তাৰ পাছতে বনবিভাগক খবৰ দিয়াত বহু ঘণ্টাৰ পাছত বন বিভাগৰ লোক উপস্থিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে৷ বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷বাঘটোৱে কিছুদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই আছিল৷বন বিভাগে ইতিমধ্য মৃত বাঘটোক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here