উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পাছত কি পঢ়িব ?

ড° বুলজিৎ বুঢ়াগোহাঁই

বৰ্তমান অসমৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে যদিও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতকাৰ্য হোৱাৰ পিছত ছাত্র-ছাত্রীৰ নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভৰ বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয়ো অসমৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ নহয় । ফলস্বৰূপে, অসমৰ বহুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা লাভৰ বাবে যাব লগা হয় । কিন্তু, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি,অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে , প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্রস্তুতি চলাব লাগে, বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ অথবা বিভিন্ন চাকৰিৰ বাবে কেনেধৰণৰ অৰ্হতাৰ প্রয়োজন ,বিভিন্ন চাকৰিবোৰৰ বিজ্ঞাপন তথা প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিতং তথ্য ক’ৰ পৰা সংগ্রহ কৰিব পাৰি ,ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদিৰ বিষয়ে বহুসংখ্যক ছাত্র-ছাত্রী জ্ঞাত নহয় । কিন্তু এই অজ্ঞতাৰ বাবে ছাত্র-ছাত্রীসকলক জগৰীয়া কৰিব নোৱাৰি । কাৰণ, এনেবোৰ বিষয়ৰ আলোচনাৰ বাবে বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনোধৰনৰ সুবিধা প্রদান কৰা দেখা নাযায় । বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশৰ উপৰিও ‘বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ’ৰ লগত সংগতি ৰাখি কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলেও ছাত্র-ছাত্রীসকল যথেষ্ট উপকৃত হ’ব । কেৰিয়াৰ সম্পৰ্কীয় গ্রন্থ আৰু আলোচনী নিয়মীয়াকৈ পঢ়িলেও ছাত্র-ছাত্রীসকলৰ নিজ কেৰিয়াৰ গঠনৰ ক্ষেত্রত সহায় হ’ব । ইন্টাৰনেটৰ জৰিয়তেও কেৰিয়াৰ সম্পৰ্কীয় বহু তথ্য সংগ্রহ কৰিব পাৰি । কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্র-ছাত্রীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা লাভ কৰা নাই আৰু যিসকলে ইন্টাৰনেট ব্যৱহাৰ কৰি আছে ,ইয়াৰে মাজৰ বহুতেই ইয়াৰ সুপ্রয়োগ কৰিবলৈ শিকা নাই । ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ সম্পৰ্কীয় শুদ্ধ তথ্য লাভ কৰিব পাৰি সেই বিষয়েও ছাত্র-ছাত্রীসকলক শিক্ষা দিয়াৰ প্রয়োজন আছে । ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য সংগ্রহ কৰিব পাৰি কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব সেই বিষয়েও জানিব লাগিব। কোনো শিক্ষানুষ্ঠান,অনুষ্ঠান-প্রতিষ্ঠান, বিভাগ আদিৰ তথ্যৰ বাবে জানিব বিচাৰিলে ,সেই শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব যিহেতু অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায় । যিবোৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য সংগ্রহ কৰিব লাগিব।

যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (http://mhrd.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), ভাৰতীয় চিকিৎসা পৰিষদ (https://www.mciindia.org/CMS/), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in) ,দূৰ শিক্ষা পৰিষদ (https://www.ugc.ac.in/deb/), ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org) , আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in) ,ভাৰতীয় বাৰ পৰিষদ (http://www.barcouncilofindia.org) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিভিন্ন শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি তাৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : কলা শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ [যেনে – সমাজশাস্তৰ , অৰ্থনীতি , সাহিত্য (ইংৰাজী, অসমীয়া, হিন্দী, বঙালী ইত্যাদি), মনোবিজ্ঞান,বুৰঞ্জী,ৰাজনীতি বিজ্ঞান,শিক্ষা,পৰ্যটন ,পৰিবেশ কলা,নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি] স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি. ।

কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক,সমাজবিজ্ঞানী,সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে।

কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ পৰীক্ষা , কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে । যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে ।

যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ, দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট), ফেশ্বন ডিজাইন, অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত, নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি.এফ.এ.)তনামভৰ্তি কৰিব পাৰে।

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বাণিজ্য শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি: সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে – ইঞ্চিউৰেন্স, কম্পিউটাৰ , বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত ,ই-বাণিজ্য ,অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি ) স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. কম.) আৰু পি.এইচ.ডি. ।

বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা , কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

চি.এ. (চাৰ্টাৰ্ড একাউণ্টেণ্সি) : ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়।

কষ্ট একাউণ্টেণ্ট : ‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

কোম্পানী ছেক্রেটাৰী : ‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বিজ্ঞান শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম , মেজৰসহ (যেনে – পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান ,গণিত, অৰ্থবিজ্ঞান , জীৱবিজ্ঞান , প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্রম ।

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম.এচ.ছি.) আৰু পি.এইচ.ডি. ।

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই. , বি.আৰ্ক, এম.বি.বি.এছ. ,বি.ডি.এছ., বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং,আয়ুৰ্বেদিক , হোমিঅ’পেথিক,পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।

ইঞ্জিনীয়াৰিং কলেজবোৰত বি.টেক./বি.ই. পাঠ্যক্রম পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : কেমিকেল ,চিভিল, মেকানিকেল, ইলেকট্রিকেল, ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, এৰ’স্পেচ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, এগ্রিকালছাৰ, পেট্ৰ’লিয়াম আদি ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology,Medical Radiographic Technology ,Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course ,Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।

বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আৱেদন কৰিব পাৰে ।

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি প্রদান কৰা অনুষ্ঠান-প্রতিষ্ঠান সমূহে নিজস্ব “ৱেবছাইট”ত প্রচাৰ কৰা বৃত্তি সমূহৰ সবিশেষ খবৰ ছাত্র-ছাত্রী সকলে ৰাখিব লাগে । বৃত্তিপ্রাপ্ত সকলৰ বিষয়ে বাতৰি কাকত , আলোচনী আদিত প্রকাশ কৰা হয় । তেনে ব্যক্তি ছাত্র-ছাত্রী সকলে ব্যক্তিগত ভাৱে সাক্ষাৎ কৰিলেও বিশেষ ভাবে লাভৱান্বিত হ’ব।

শেষত এটা কথা উল্লেখ কৰিব বিছাৰিছোঁ যে কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ ফোনত দি আৰু বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে মাজে অংশ গ্রহণ কৰি ছাত্র-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ কেৰিয়াৰ বিভিন্ন কথাবোৰ আলোচনা কৰি এটা কথা জানিব পাৰিছো যে ছাত্র-ছাত্রীসকলে বিভিন্ন পাঠ্যক্রম ,বিভিন্ন বৃত্তি,প্রতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্রছপেক্টাছ(prospectus)ত লিখা কথাবোৰ ভালদৰে পঢ়ি নাচায়। ছাত্র- ছাত্রীসকলে বিজ্ঞাপন তথা প্রছপেক্টাছত লিখা কথাবোৰ খৰচি মাৰি পঢ়ি চোৱা উচিত ।

(বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে যদি জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here