জ্যেষ্ঠ প্ৰৱক্তা ড০ প্ৰদীপ বৰঠাকুৰৰ সাফল্য

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৯ জুনঃ গোলাঘাট নতুন আমোলাপট্টি সেউজপুৰৰ নিবাসী, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ জ্যেষ্ঠ প্ৰৱক্তা ড০ প্ৰদীপ বৰঠাকুৰে গুৱাহাটীস্থ সুৰুচি সঙ্গীত মহাবিদ্যালয়ৰ পৰা ভাতখাণ্ডে সঙ্গীতৰ নিপুন পৰীক্ষাত এম মিউজ(M Music)বেহেলা বাদনত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

মৰিয়নীৰ নিবাসী প্ৰয়াত গুঞ্জানন বৰঠাকুৰ আৰু বিনুবালা বৰঠাকুৰৰ একমাত্ৰ পুত্ৰ প্ৰৱক্তা ড০ বৰঠাকুৰ গোলাঘাট গ্ৰীণলেন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ইমামণি বৰঠাকুৰৰ স্বামী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here