হোজাই জিলাৰ এছ বি আই বেংকৰ মোৰাঝাৰ শাখা স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৯জুনঃ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখাত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত এই দুৰ্নীতি গাপ দিয়াৰ বাবে কৌশলেৰে বেংকৰ শাখাটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বেংক কৰ্তৃপক্ষই৷ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ বিত্তীয় প্ৰতিস্থানটো স্থানান্তৰ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে৷

SBI ৰ মোৰাঝাৰ শাখাত বৃহৎ কেলেংকাৰী

কেলেংকাৰী গাপ দিয়াৰ অভিযোগ বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে

কৌশলেৰে বেংক স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

বৃহত্তৰ মোৰাঝাৰ অঞ্চলৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্টান এই বেংকটো প্ৰায় পয়ত্ৰিশ বছৰ আগত মোৰাঝাৰত স্থাপন হৈছিল৷ প্ৰায় এক লাখ গ্ৰাহকৰ একাউন্ট আছে এই বেংকটোত৷

বিগত দুবছৰ পৰা বেংকটোত সংঘটিত হৈছিল কোটি কোটি টকাৰ কেলেংকাৰী৷ একাংশ দালাল আৰু বেংক বিষয়াই শ শ ভুৱা একাউন্ট খুলি ভিন্ন আঁচনি আৰু ঋণৰ নামত সংঘটিত কৰে এই কেলেংকাৰী৷

একাংশ গ্ৰাহকৰ অজ্ঞাতেও তেওঁলোকৰ একাউন্টৰ পৰা হৰলুকি কৰে লাখ লাখ টকা৷

ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেবাজন দালালক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ বেংক কৰ্তৃপক্ষয়ো নিলম্বন কৰে কেবাজন কৰ্মচাৰীক৷

তাৰ পাছতেই স্থানীয় ৰাইজ আৰু ভুক্তভোগী গ্ৰাহকসকলে উক্ত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ৷

কিন্তু বেংকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত জাঙুৰ খাই উঠে বেংক কৰ্তৃপক্ষ৷ বেংক কৰ্তৃপক্ষই এই দুৰ্নীতি গাপ দিয়াৰ বাবে কৌশল কৰি কিছু অদ্ভুট যুক্তি দেখুৱাই বেংকটো মোৰাঝাৰৰ পৰা নীলবাগানলৈ স্থানান্তৰ কৰাৰ যো-জা আৰম্ভ কৰে৷

আৰু বেংকটো স্থানান্তৰ কৰাৰ খবৰ পোৱাৰ লগে লগে জাঙুৰ খাই উঠে মোৰাঝাৰবাসী ৰাইজ৷

আজি মোৰাঝাৰ বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদত অংশগ্ৰহণ কৰে NSUI, AAMSU, AUDSF, AAKSU, NEMSU কে ধৰি অন্যান্য দল সংগঠনে ৷ প্ৰতিবাদকাৰীসকলে বেংক স্থানান্তকৰণৰ সিদ্ধান্ত পৰিহাৰ কৰি বৃহৎ কেলেংকাৰীটোৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায়৷ অন্যথাই বৃহৎ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী দল সংগঠনে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here