হোজাইত টেট শিক্ষকৰ ধৰ্ণাঃ ঘাইপথৰে সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই,১৯জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো টেট শিক্ষকসকলে আজি ধৰ্ণা, উত্তাল প্ৰতিবাদেৰে উত্তাল কৰি তোলে পৰিবেশ।

সমদল কৰি আহি সহশ্ৰাধিক টেট শিক্ষকে হোজাই সদৰ শংকৰদেৱ নগৰ উপায়ুক্তৰ কাৰ্য্যলয়ৰ সম্মুখত ধৰ্ণা কাৰ্য ৰূপায়ণ কৰে। প্ৰায় এক ঘন্টা পৰ্যন্ত চলে প্ৰতিবাদী কাৰ্যসূচী।

টেট উত্তীৰ্ণ শিক্ষকৰ বেতনৰ সুৰক্ষা,চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যালয় এৰি শিক্ষকৰ এই প্ৰতিবাদ।

টেট শিক্ষকৰ প্ৰমাণ পত্ৰক‌ শিক্ষামন্ত্ৰীয়ে ড্ৰাইভৰ সৈতে তুলনা কৰাৰ বিৰুদ্ধেও এইসকল শিক্ষক সৰৱ হৈ পৰে।

তেওঁলোকৰ দাবী মানি নল’লে ২৯ জুনত দিচপুৰত ৪১০০০ টেট শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here