লংকাৰ কাকীত পথ মেৰামতিত নামিল স্থানীয় ৰাইজ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং,১৯জুনঃ লংকাৰ কাকীত পথ মেৰামতিত নামিল স্থানীয় ৰাইজ৷বহুবাৰ গড়কাপ্তানী বিভাগক পথ মেৰামতিৰ বাবে আবেদন, অভিযোগ দিয়াৰ পিছতো বিয়াগোম বিভাগটোৱে গুৰুত্ব নিদিয়াত কাকী অঞ্চলৰ ছয়জন যুৱকে নিজে গাঁঠিৰ ধন খৰচ কৰি আৰম্ভ কৰিলে পথৰ মেৰামতিৰ কাম|

এয়া হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীৰ দৃশ্য৷পথৰ ওপৰত পুখুৰী নে, পুখুৰীৰ ওপৰত পথ ধৰিবই নোৱাৰি৷ দিৰ্ঘদিন দুই নং কাকীৰ পৰা লংকালৈ যাতায়ত কৰাৰ মুঠ আঠকিলোমিটাৰ পথৰ ভিতৰত দুই কিলোমিটাৰ পথৰ অৱ্স্থা একেবাৰেই শোচনীয়৷

বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক কৈ কৈ ভাগৰি পৰিল ৰাইজ৷
পথটোৰ পথচাৰীসকলৰ দুৰৱস্থা সহ্য কৰিব নোৱাৰি দুই নং কাকী চাৰিআলিৰ ছয়জন সমাজদৰদী লোক নামি পৰিল পথ মেৰামতিত৷

নিজৰ উপাৰ্জিত গাঁঠিৰ ধন খৰচ কৰি এই ছয় যুৱকে জেচিবি ভাৰা কৰি নামি পৰিল পথ মেৰামতিত৷পথটোৰ বৃহৎ আকাৰৰ গাঁতসমূহত বল্ডাৰ দি পথটোৰ যাতায়ৰ ব্যৱস্থা কৰিছে এই ছয় যুৱকে৷এতিয়া প্ৰশ্ন হয় এয়াই নেকি বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নমুনা|

অসম চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগ তথা স্থানীয় বিধায়ক শিবু মিশ্ৰ বৰ্তমান গভীৰ নিদ্ৰাত নেকি? যদি ৰাইজেই গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিব লাগে তেতিয়াহ’লে ৰাইজে আকৌ কিয় উন্নয়ৰ বাবে প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোট দিব লগা হয়, কিয় দিব লগা হয় ৰাজহ, সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here