বৰডুমচাত আৰক্ষী জোৱানসহ ড্ৰাগছ মাফিয়া আটক

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১৯ জুনঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচা থানাৰ অন্তৰ্গত মাধৱপুৰত আৰক্ষীসহ দুজন ড্ৰাগছ মাফিয়াক ৰাইজে আটক কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে, যোৱা ১৮ জুনৰ বিয়লি প্ৰায় ৩ বজাত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লং গাঁ‌ৱৰ মানৱজ্যোতি মহন ওৰফে সোণটো(৩২) আৰু উলুপৰ দিব্য বৰাৰ পুত্ৰ গুণ বৰা(৩৪)-ই এ এছ্ ২৩ ডব্লিউ ৬৭৩৫ নম্বৰৰ বগা ৰঙৰ হোণ্ডাই গ্ৰেণ্ড আই ১০ খনেৰে প্ৰায় ৫০ গ্ৰাম ব্ৰাউন ছুগাৰসহ বৰডুমচাৰ মাধৱপুৰ বজাৰ নিবাসী অসীম কোঁ‌ৱৰৰ ঘৰলৈ আহে।

তাত তিনিও বেলেগে অনা ব্ৰাউন ছুগাৰ সেৱন কৰি থকা অৱস্থাতেই বৰডুমচা থানাৰ ৫ জন লোক, আৰক্ষী বাহিনীৰ ক্ৰমে মৃদুল আহমেদ, বেটেলিয়ানৰ কিৰণ সোণাৰ, লীলা গোহাঁই, ৰাজীৱ বৰা আৰু আৰক্ষী কামাণ্ডো ৰবাৰ্ট নাৰ্জাৰী উপস্থিত হৈ অসীম, মানৱজ্যোতি আৰু গুণক আটক কৰি থানালৈ নিয়াৰ পৰিৱৰ্তে নিকটৱৰ্তী দুৱাৰমৰা সংৰক্ষিত বনাঞ্চললৈ লৈ যায়।

তালৈ নি আৰক্ষীৰ জোৱান কেইজনে ড্ৰাগছ মাফিয়াৰ পৰিয়ালৰ পৰা তেওঁলোকক এৰি দিয়াৰ বিনিময়ত ত্ৰিশ হাজাৰ টকা দাবী কৰে। ড্ৰাগছ মাফিয়া গুণ বৰাৰ পত্নী বন্তি বৰাই নগদ ৩০ হাজাৰ টকা লৈ ঘটনাস্থলীলৈ আহে।

অহাৰ পূৰ্বে বন্তিয়ে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি জয়ধৰ মৰাণৰে যোগাযোগ কৰি বিষয়টো অৱগত কৰে। পিছত জয়ধৰ মৰাণৰ নেতৃত্বতেই স্থানীয় ৰাইজে প্ৰায় ৫০ গ্ৰাম ব্ৰাউন ছুগাৰ, নগদ ৩০ হাজাৰ টকাসহ অসীম কোঁ‌ৱৰ, গুণ বৰা আৰু আৰক্ষীৰ জোৱানকেইজনক হাতে-লোটে ধৰি বৰডুমচা থানাত চমজাই দিয়ে যদিও সুবিধা বুজি আনজন ড্ৰাগছ মাফিয়া মানৱজ্যোতি মহন পলাই যাবলৈ সক্ষম হয়।

উল্লেখ্য যে ঘটনাস্থলীত সমবেত শ শ পুৰুষ- মহিলাই বৰডুমচাৰ মাধৱপুৰ বজাৰত অভিযান চলাই মাছ বজাৰৰ এখন অবৈধ মদৰ দোকানৰ পৰা প্ৰায় ৪৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ অমল মৰাণৰ দ্বিতীয় পত্নী ৰাধা মৰাণ(২৪)ক আটক কৰি আৰক্ষীক চমজাই দি অসম আৰক্ষী গ’ বেক, অসম আৰক্ষী হায় হায়/ কাম নাই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

তাৎপৰ্যপূৰ্ণ কথা যে পৰৱৰ্ত্তী কালত চলোৱা আন এটা অভিযানত স্থানীয় লোকে কংগ্ৰেছ মৰাণ আৰু অমল মৰাণৰ গোদামৰ পৰা কেইবা লাখ টকা মূল্যৰ কেইবা শটা অৰুণাচলী সুৰা আৰু বিয়েৰৰ বটল উদ্ধাৰ কৰি বনাঞ্চললৈ নি ধ্বংস কৰি পেলায়।

বৰডুমছা থানাৰ একাংশ আৰক্ষীৰ এনে ভূমিকাই সমগ্ৰ আৰক্ষীকে লজ্বানত কৰিছে । জনসাধনৰ মনত আৰক্ষীৰ প্ৰতিয়ে প্ৰশ্ন বোধক চিহ্ন সৃষ্টি কৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here