প্ৰেমিকাক হত্যাৰ চেষ্টা কৰি মুকলি আকাশৰ তলত প্ৰেমিক নাজিৰ

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাইৰ পৰা ভূপেন্দৰ সিং বাবু,২০জুনঃ হোজাই জিলাৰ নীলবাগানৰ নাজিৰ আহমেদ নামৰ যুৱক জনে কিছুদিন পূৰ্বে নিজৰ প্ৰেমিকাক তেওঁৰ নিজৰ দোকানত আবদ্ধ কৰি কৰিছিল ধৰ্ষণৰ চেষ্টা, তাৰপাছত চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰে ভণ্ড প্ৰেমিক নাজিৰ‌ আহমেদে।

এই কু-কৰ্মৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষীত ভূক্তভোগীৰ পৰিয়ালে গোচৰ তৰিছিল। পিছে জিএমচিএইচ ত চিকিৎসাধীন হৈয়ো আজিও ন্যায়ৰ পৰা বঞ্চিত ভূক্তভোগী।

এই ঘটনাৰ পিছত হোজাই জিলাৰ লগতে সমগ্ৰ ৰাজ্যত জোকাৰণীৰ সৃষ্টি হৈছিল।চৌদিশে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে আজিৰ এই সংবাদ মেলত ভূক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে- প্ৰভাৱশালী নেতা ছিৰাজ উদ্দিনৰ P.A. নুৰুলৰ আত্মীয় হোৱাৰ বাবে ভূক্তভোগীয়ে ন্যায়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আনহাতে ভণ্ড প্ৰেমিক নাজিৰ আহমেদক ধনৰ বিনিময়ত মোৰাঝাৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগীৰ মাতৃয়ে।

কিন্তুু আজিলৈকে ঘাতক প্ৰেমিক নাজিৰৰ দোকানখন তলা মাৰিবলৈ সাহস হোৱা নাই হোজাই জিলা প্ৰশাসনৰ।

আজিৰ এই সংবাদ মেলত ভুক্তভোগীৰ মাতৃয়ে উচিত ন্যায়ৰ বাবে অসম চৰকাৰ আৰু হোজাই জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনক আহব্বান জনায়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here