বাক্সাৰ গোৰ্খা সম্প্ৰদায়ৰ জীয়ৰী গায়েত্ৰী দেৱী উত্তীৰ্ণ আই আই টিৰ প্ৰৱেশ পৰীক্ষাত

প্ৰাগজ্যোতিষ বাৰ্তা,তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়,২০জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী চেচাপানী গাঁৱৰ বাসিন্দা চানে বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance আই আই টিৰ প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ লগে লগে সমগ্ৰ বিটিএডিৰ ভিতৰত গোৰ্খা সম্প্ৰদায়ৰ প্ৰথমগৰাকী ছাত্ৰীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ছাত্ৰীগৰাকীয়ে JEE Advance আই আই টি প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷

বাক্সা জিলাৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance আই আই টিৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিল৷

গায়ত্ৰীয়ে জানিবলৈ দিয়া মতে, প্ৰতিদিনে ৬ ঘণ্টাকৈ পঢ়া-শুনা কৰিছিল।লগতে ভৱিষ্যতত ছফ্টৱেৰ ইঞ্জিনীয়াৰিং পঢ়াৰ আশা প্ৰকাশ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here