প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২০ জুনঃ ডিগবৈৰ ২ নং নাজিৰাটিং গাঁৱত বুধবাৰে সন্ধিয়াৰে পৰা এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।সমগ্ৰ নাজিৰাটিং বাসীয়ে এতিয়া বাঘৰ আতংকত ভুগিছে।
বাঘটোৱে মুক্ত বিচৰণ কৰি ফুৰিছে এতিয়াও গাঁওখনত, যাৰ পৰিণতিত সকলো গাঁৱৰ ৰাইজ আতংকত ভূগিছে।
বাঘটোৱে গাঁওখনত প্ৰৱেশ কৰি যোৱা কালি এটা প্ৰকাণ্ড ছাগলী ধৰি মাৰি পেলাই।ডুমডুমা বন সংমণ্ডলৰ অধীনৰ এই অঞ্চলটোত আজিলৈকে কাণসাৰ নাই বনবিভাগৰ বুলি অভিযোগ তুলিছে স্থানীয় গাঁওবাসীয়ে।নিৰাপত্তাহীনতাত ভূগি আছে এতিয়াও গাঁওবাসী।
। দীৰ্ঘদিন ধৰি বাঘে এই অঞ্চলটোত উপদ্ৰৱ চলাই বহুতো গৰু, ছাগলী মাৰি আহিছে।আজিও বাঘটোৱে গাঁওখনত প্ৰৱেশ কৰি লক্ষ্মণ ছেত্ৰী নামৰ লোকজনৰ ঘৰৰ এটা প্ৰকাণ্ড ছাগলী মাৰি পেলাই। কাণসাৰ নাই বনবিভাগৰ।
নিৰাপত্তাহীনতাত ভূগি আছে এতিয়া গাঁওবাসী। বন বিভাগৰ গাফিলতিৰ বাবেই উক্ত অঞ্চলত কেইদিনমান পুৰ্বে কোনো দুষ্কৃতিকাৰীয়ে বিহ দিয়াত এটা নাহৰ ফুটুকী বাঘ মৃত্যু মুখত পৰিছিল।
স্থানীয় সচেতন ৰাইজে শীঘ্ৰে বন বিভাগৰ উৎচিত পদক্ষেপ গ্ৰহণৰ দাবী কৰিছে। যাতে এই বাঘটোও মৃত্যু মুখত পৰিবলগীয়া নহয় ।