কাৰ্বি আংলংত বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা আব্দুল কালামৰ মৃতদেহ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই,২০জুনঃ বুধবাৰে যমুনা নৈত এছডিআৰএফ টীম আৰু ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো।

ঘটনাৰ লগত জড়িত মূল খলনায়ক সহ দুজনক আটক হাওৰাঘাট আৰক্ষীৰ।মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰকৰি হোজাইত চাঞ্চল্যকৰ সৃষ্টি।

হোজাইৰ বৰবালী গাৱঁৰ আব্দুল কালামক শনিবাৰে কাৰ্বিআংলঙৰ ইটা ভাটাৰ মালিক আৰু একাংশ লোকে দলবদ্ধ ভাৱে আক্ৰমণ কৰি যমুনা নৈত পেলাই দিছিল।

ইটা ভাটাৰ মালিক হেম’ চাহুয়ে ঘৰৰ পৰা মাতি নি দা, লাঠি আদিৰে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন দল সংগঠন তথা ৰাইজৰ মাজত।শনিবাৰে আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পৰাই সন্ধানহীন হৈ আছিল মৃত মৃতদেহটো।

মৃত আব্দুল কালামৰ শহুৰেকে ইটা ভাটাৰ মালিক সহ ১৬ জনীয়া এটা আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলৰ বিৰুদ্ধে হাওৰাঘাট আৰক্ষী থানাত গোচৰ দিয়াৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এছডিআৰএফ টীম আৰু ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত মূল খলনায়ক সহ দুজনক আটক কৰে।

অভি-নীল হত্যা কাণ্ডৰ দৰে এয়া দ্বিতীয়টো হত্যাকাণ্ডত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন মহলে।কাৰ্বি আংলংত এটাৰ পাছত এটাকৈ জঘন্য হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো চৰকাৰ তথা কাৰ্বি আংলং প্ৰশাসনে এইক্ষেত্ৰত কোনো কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ লগত জড়িত আন দুৰ্বৃত্তকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবি জনাইছে বিভিন্ন দল সংগঠন তথা পৰিয়ালৰ লোকে।

বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা আব্দুল কালামৰ চাৰিটা সন্তানক সাহায্য প্ৰদান কৰাৰ দাবী জনায় বিভিন্ন দল সংগঠন তথা পৰিয়ালৰ লোকে।পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুল কালামৰ মৃত্যুৰ পাছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here