দেশৰ পৰিষ্কাৰ নগৰীত অসম বিধান সভাৰ আইন ৰূপায়ণ সমিতিৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২০ জুনঃ দেশৰ পৰিষ্কাৰ আৰু প্ৰদূষণ মুক্ত নগৰী হিচাপে পৰিচিত মধ্যপ্ৰদেশৰ উজ্জেনত উপস্থিত হ’লগৈ অসম বিধান সভাৰ আইন ৰূপায়ন সমিতিৰ অধ্যক্ষ তথা খুমটাই বিধান সভা সমিতিৰ বিধায়ক মৃণাল শইকীয়া সহ ৭ গৰাকী বিধায়ক।

মধ্যপ্ৰদেশৰ ক্লিন চিটি ভূপাল, উজ্জেন আৰু ইনড’ৰত উপস্থিত হৈ আইন ৰূপায়ন সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়াৰ নেতৃত্বত সমিতিৰ সদস্য ৰনোজ পেগু, গণেশ লিম্বু, নাৰায়ণ ডেকা, উৎপল বৰা, দুৰ্গা ভূমিজ, চাহাবুদ্দিন আহমেদ আৰু জয়ৰাম ইংলেঙে ক্লিন চিটিৰ ওপৰত অধ্যয়ন কৰে।

ক্লিন চিটিকেইখনত আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলে মধ্যপ্ৰদেশত উপস্থিতহৈ সকলো দিশ পৰ্যবেক্ষণ কৰি অসমতো সেই দিশসমূহ ৰূপায়ণ কৰি পৰিষ্কাৰ আৰু সেউজ অসম গঢ়াৰ ক্ষেত্ৰত এই অধ্যয়ন যাত্ৰাই যথেষ্ট সহায় কৰিব বুলি আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়াই প্ৰকাশ কৰে।

এই বিষয়ত কালি উজ্জেন পৌৰসভাৰ লগত অসমৰ দলটিৰ এখনি সভা অনুষ্ঠিত হয়। সেইদৰে আজিও ইনড’ৰ পৌৰসভাৰ পৌৰপতি-সদস্য, বিষয়া কৰ্মচাৰীৰ লগত ক্লিন চিটি নিৰ্মাণ সম্পৰ্কীয় সকলো বিষয় বিশদভাৱে আলোচনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here