সমাজত শিশুৰ মানৱীয় মূল্যবোধ গঠনত পৰিয়ালৰ ভূমিকা

                                                          -মনীষা শৰ্মা

শিশুৰ মূল্যবোধ গঠনত পৰিয়ালৰ ভূমিকা অধিক।মাতৃ পিতৃৰ প্ৰধান গধুৰ দায়িত্ব হ’ল শিশু এটিক প্ৰকৃতাৰ্থতে মানুহ কৰাৰ।পৃথিৱীৰ গুনী জ্ঞানী চিন্তাশীল ব্যক্তিৰ মতে, মাতৃৰ দায়িত্ব সৰ্বাধিক।

মাতৃক শিশুৰ প্ৰধান অভিভাৱক হিচাপে প্ৰধান্য দিয়া উচিত আৰু প্ৰতিগৰাকী মাতৃ আদৰ্শ মাতৃ হবলৈ নিজকে উপযুক্ত কৰা উচিত। আদৰ্শ মাতৃ হোৱাৰ প্রথম পদক্ষেপ হল শিক্ষিত হোৱা।

শিক্ষাৰ অর্থ কেৱল স্কুল কলেজৰ শিক্ষা নহয়।ঘৰ আৰু পৰিবেশে মানুহক শিক্ষিত কৰি তোলে।অতীতত অনেক মাতৃয়ে বহু সুসন্তানক জন্ম দিছে যিসকল মাতৃয়ে হয়তো পঢ়াশালীলৈ যোৱাৰ সুযোগই পোৱা নাছিল।

পিছে আজিৰ সমাজত নিৰক্ষৰ হোৱাটো বাঞ্ছনীয় নহয়। মাতৃসকলেও সমাজ খন জনা উচিত। শিশুসকল হৈছে দেশৰ ধৰণী। সেয়ে কোৱা হয় আজিৰ শিশু কালিৰ ভৱিষ্যত।

শিশু এটিৰ প্ৰথম পঢ়াশালী ঘৰ খন য’ত মাতৃ গৰাকীয়ে প্ৰধান ভূমিকা গ্ৰহণ কৰে। পিতৃৰ ভূমিকাও যথেষ্ট।কিন্তু কেঁচুৱা কালৰ পৰা শিশুটি ঘাইকৈ মাকৰ সান্নিধ্যতে থকা বাবে মাকক বেছি আপোন বুলি ভাৱে ।নিৰাপত্তা পায় মাকৰ আঁচলত।

যেতিয়া শিশু এটিয়ে প্ৰথম শব্দ এটা থুনুক থানাক মাতেৰে উচ্চাৰণ হয় তেতিয়া আমি সকলোৱে উল্লাসিত হওঁ ভাবোঁ কেনেকৈ শিকিলে?

কেঁচুৱা অৱস্থাৰে পৰা সদায় সজাগ হৈ থাকি সিহঁতে পৰিবেশৰ পৰা আটাইখিনি অনুসৰণ কৰে। প্ৰথম ‘মা’ শব্দটিয়ে মাতৃক প্ৰকৃত ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সজাগ আৰু দায়িত্বশীল কৰি তোলে।

শিশুসকল সৰু, ডাঙৰ হ’লে স্কুলত গৈ সকলো শিকিব। এইদৰে ভবাটো দৰাচলতে সুস্থ সমাজৰ বাবে সঠিক নহয়।মাকৰ সান্নিধ্যত ঘাইকৈ থকা বাবে মাকৰ পৰা শিশুয়ে চিন্তা, ভাৱনা,চাল চলন, ব্যৱহাৰ আদি প্ৰথমে আয়ত্ব কৰে।মাকৰ ব্যক্তিত্ত্ব প্ৰতিফলিত হয় শিশুৰ ব্যক্তিত্ব গঠন হওঁতে ।

আজিৰ সমাজত মানৱীয় মূল্যবোধৰ অভাৱ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে।এখন সমাজত যদি মূল্যবোধ সম্পন্ন ব্যক্তি বোৰ পাওঁ অৰ্থাৎ ব্যক্তিবোৰ সৎ দয়ালু সংযমী ,শান্তিকামী সদাচাৰী স্নেহপৰায়ন,ধৰ্মনিৰপেক্ষ ,অন্তৰত পৰস্পৰৰ প্ৰতি ভাতৃত্ববোধ থাকে তেনেহলে সেই সমাজখনক এখন আদৰ্শ সম্পন্ন সমাজ বুলিব পাৰি।জাতিটো আদৰ্শ জাতি হিচাপে স্বীকৃতি লাভ কৰিব।

এজন আদৰ্শ ব্যক্তি মূল্যবোধসম্পন্ন ব্যক্তি সদায় সকলো ধৰ্মৰ প্ৰতি সমানে উদাৰ হয়।কোনো ধৰ্মৰ প্ৰতি অসহিষ্ণু নহয়।মানৱীয় মূল্যবোধেৰে পিতৃ মাতৃয়ে সন্তানক বাল্যকালৰে পৰা দীক্ষিত কৰিব পাৰে নিজৰ ঘৰ খনতে।

শিশুৰ চাৰিত্ৰিক বিকাশত ঘৰখন বা পৰিয়ালৰ ভূমিকা যথেষ্ট এই ক্ষেত্ৰত মাকৰ কৰণীয় যথেষ্ট,সেয়ে কোৱা হয় Home is the first School and mother is the first teacher.শিশু এটি জন্ম লাভ কৰাৰ পিছৰে আৰম্ভ হয় শিক্ষা আৰু মৃত্যু পৰ্যন্ত এই শিক্ষাগ্ৰহণ প্ৰক্রিয়া ।

সেয়ে মনোবিজ্ঞানে শিক্ষাক জীৱন যোৰা প্ৰক্ৰিয়া ।Education is life long process.আমি সকলোৱে জানো যে মানুহৰ জীৱনটোক ৪টা স্তৰত ভাগ কৰা হৈছে শৈশৱ, কৈশোৰ, যৌৱন , আৰু বৃদ্ধ।

এই চাৰিটা স্তৰৰ ভিতৰত কৈশোৰ কাল বা বয়স সন্ধি কালেই গুৰুত্বপূৰ্ণ বুলি ধৰা হয় যদিও শৈশৱ বা শিশু কালৰ গুৰুত্বও সমান। কিয়নো অসমীয়াত এষাৰ বাক্য আছে জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি।

শিশু অৱস্থাত আমাৰ মন মগজু অধিক কোমলহৈ থাকে আৰু এই সময়চোৱাত এটি শিশু বেছিভাগ সময় ঘৰ বা পৰিয়ালৰ লোকৰ লগত থাকে আৰু শিশু এটি যি পৰিবেশত ডাঙৰ হয় তেনে শিক্ষাই গ্ৰহণ কৰে আৰু ইয়াৰ প্ৰভাৱ আজীৱন ব্যক্তিৰ লগত থাকে। আনহাতে জন্মৰ পৰা১৪ বছৰ বয়সলৈকে শৈশৱ বা শিশু কাল ধৰা হয়। ২০১১ চনৰ ৰাষ্ট্ৰ সংঘৰ এক সমীক্ষা মতে অসমৰ মুঠ জনসংখ্যাৰ ৩৯%হ’ল শিশু। এখন দেশ বা এখন ৰাজ্যৰ নাগৰিক হিচাপে জন্মৰ পিছৰে পৰা জীয়াই থকাৰ অধিকাৰ, বিকাশৰ অধিকাৰ , সুৰক্ষাৰ অধিকাৰ, আৰু অংশগ্ৰহণৰ অধিকাৰ। বর্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰকো মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে।

কিন্তু এই অধিকাৰ সমূহ গ্ৰহণ কৰাত পৰিয়াল বা ঘৰখনে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু শিশুৰ প্রকৃত শিক্ষা গ্ৰহণৰ দ্বাৰাহে শিশুৰ মূল্যবোধৰ শিক্ষা সম্ভৱ।যিহেতু শিক্ষাৰ মূল লক্ষ্য হৈছে সৰ্বাংগীন বিকাশ সাধন কৰা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here