গোলাঘাটত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডত দুখন স্কুটীসহ হোটেল সম্পূৰ্ণ ভস্মীভূত

0
180

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,২০ জুনঃ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.২০ বজাত গোলাঘাট নগৰৰ কলেজ তিনিআলিৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, প্ৰাঞ্জল বৰা নামৰ লোক জনৰ হোটেলত চিলিণ্ডাৰ ব্ৰাষ্ট হৈ উক্ত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।

উক্ত অগ্নিকাণ্ডত কাষৰ অন্য দোকান বা ঘৰৰ অনিষ্ট হোৱা নাই যদিও হোটেলখনৰ সন্মুখতে ৰখাই থোৱা দুখন স্কুটীত অগ্নিসংযোগ হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি হোটেলখনত আহাৰ গ্ৰহণ কৰিবলৈ অহা দুজনকৈ ছাত্ৰৰ প্ৰয়োজনী নথি-পত্ৰও জুই জাহ যোৱা বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here