অবৈধভাৱে কঢ়িওৱা বালিভৰ্তি ডাম্পাৰ জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২০ জুনঃ দিনক দিনে লংকা অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে অবৈধ বালি, শিলগুটি, ৰাবিজৰ ৰমৰমিয়া বেহা |

প্ৰতিদিনে লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথেদি ডৱকাৰ পৰা লংকা তথা লংকাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন প্ৰান্তলৈ যায় চালান বিহিন অবৈধ বালি, ৰাবিছ, শিলগুটিৰ ট্ৰাক |

লংকা আঞ্চলিক বনবিভাগৰ এটা দলে আজি বৃহস্পতিবাৰে লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা তহলদাৰীৰ সময়ত জব্দ কৰে তিনিখন চালান বিহীন অবৈধ শিল -বালি (চেনগেভেল) ভৰ্তি ডাম্পাৰ গাড়ী ৷

আনহাতে আকৌ গাডীৰ পঞ্জীয়ন নম্বৰ বিহীন উক্ত গাড়ীকেইখন ৰখাই সোধ-পোছ কৰি থকাৰ সময়তেই ঘটনাস্হলীৰ পৰা পলায়ন কৰে ডাম্পাৰ কেইখনৰ চালক হেন্দিমেনৰ |

বৰ্তমান গাডীকেইখন ৰখা হৈছে লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ত |

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here