ডিগবৈত আই অ চিৰ অধীনস্থ দিল্লী পাব্লিক স্কুলৰ কৰ্মৰত কৰ্মচাৰীক ছাটাই কৰাক লৈ উত্তপ্ত পৰিস্থিতি

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া , ২১ জুনঃ ডিগবৈৰ এখন অগ্ৰণী ইংৰাজী মাধ্যমৰ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ কৰ্মৰত কৰ্মচাৰীসকলৰ ওপৰত হোৱা অন্যায়ে সকলোৰে চকু কপালত তুলিছে।

অসম অইল সংমণ্ডলৰ অধীনৰ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ প্ৰৱেশ দ্বাৰত যোৱা ২০ জুনত শতাধিক পুৰুষ মহিলা কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, আই অ’ চি মেনেজমেণ্ট আৰু বিভাগীয় কতৃপক্ষই বিদ্যালয়খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত ২২ জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে৷

ফলত বিদ্যায়লয়খনত কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু বছৰ বছৰ ধৰি কৰ্মৰত এই কৰ্মচাৰী সকলৰ পৰিবৰ্তে আই অ’ চিয়ে হোমগাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ফলত এইসকল সুৰক্ষা কৰ্মীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে৷সেয়েহে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবীত এনেদৰে পুৰুষ মহিলা উভয়ে প্ৰতিবাদত নামি পৰিছে বিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰত।

যদিহে আই অ’ চিৰ মেনেজমেন্টে এই দাবী মানি নলয় তেন্তে আগন্তুক দিনত এই কৰ্মচাৰীসকলে আন্দোলন মুখী হৈ এই বিদ্যালয় বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here