প্ৰয়াত অন্নদা বৰা সোঁৱৰণী চলন্ত বঁটা প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ২১ জুনঃ গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ত কালি অনুষ্ঠিত হোৱা নবাগতা আদৰণি সভাত প্ৰয়াত অন্নদা বৰা সোঁৱৰণি চলন্ত বঁটা প্ৰদান কৰা হয় ৷

এই উদ্দেশ্যে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি পদ্মলোচন ভূঞাই ৷

সভাত এইবৰ্ষত কলেজখনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমৰ ভিতৰতে নৱম স্থান লাভ কৰিবলৈ সক্ষম হোৱা মনিষা বৰাক প্ৰদান কৰা হয় প্ৰয়াত অন্নদা বৰা সোঁৱৰণী চলন্ত বঁটা, এই বঁটাত আছে এটি চলন্ত ট্ৰফি আৰু নগত দহ হেজাৰ টকা৷ এই বঁটা প্ৰদান কৰে প্ৰয়াত শিক্ষয়িত্ৰী অন্নদা বৰাৰ স্বামী তথা অৰুণাচলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক যোগেশ্বৰ বৰাই৷

এসময়ৰ ফৰকাটিংৰ বাসিন্দা তথা বৰ্তমান যোৰহাটৰ এ টি ৰ’ড ৰ বাসিন্দা যোগেশ্বৰ বৰাৰ সমধৰ্ম্মীনী অন্নদা বৰা ১৯৯২ চনৰ ২৩ মাৰ্চত অৰুণাচলত বিয়োগ ঘটে৷১৯৯৫ চনৰ পৰাই বৰাই তেওৰ মৰমৰ পত্নীৰ নামত এই বঁটা প্ৰদান কৰি আহিছে৷

তেওঁ অন্নদা বৰাৰ নামত ফৰকাটিং কলেজত এটি কোঠাও নিৰ্মাণ কৰি দিয়াৰ লগতে যোৰহাটৰ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ নামঘৰৰ এখন তোৰণ নিৰ্মাণ কৰে৷

যোৰহাটৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা যোগেশ্বৰ বৰাৰ সুযোগ্য সন্তান জেনেৰেল চাৰ্জাৰী চিকিৎসক ডাঃ দুলাল বৰাৰ ২০১১ চনত অকাল বিয়োগ ঘটে৷নিজ পত্নী-পুত্ৰ বিয়োগৰ পিছত প্ৰায় অকলশৰীয়া হৈ পৰা বৰাই সামাজিক কামকাজত নিজকে ব্যস্ত ৰাখি সমাজ সেৱাত আত্মনিয়োগ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here