গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত ৰাভা দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,২০ জুনঃ আজি গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত আৰু ১ নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

পূৱা পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে সদৰ কবি সন্মিলনৰ সভাপতি ড৹ দীপালী বৰাই পতাকা উত্তোলন কৰে,বৃক্ষ ৰোপণ কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ৰাজুমনি বেজবৰুৱাই।

ৰাভাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে দুলুমণি বৰবৰাই।পুষ্পাঞ্জলী অৰ্পণ কৰে ১ নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা দেৱীয়ে।

ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাঙ্কন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা প্ৰায় দহখন বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

বিজয়ীসকলক মুকলি সভাত প্ৰসংশা পত্ৰ, কিতাপৰ টোপোলা আৰু আৰু জ্যামিতি বাকচেৰে পুৰস্কাৰ প্ৰদান কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here